নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰ–ডিচেম্বৰ ত্রৈমাসিকত জিডিপি ০.৪ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ক’ৰোনাৰ লকডাউনৰ ফলত দেশৰ অর্থনীতি বিধ্বস্ত হৈ পৰাৰ পিছত অক্টোবৰ–ডিচেম্বৰ ত্রৈমাসিকত দেশৰ জিডিপিত ইতিবাচক প্রভাৱ প্রতিফলিত হৈছে৷ কাৰিকৰী মন্দাৰ মাজত থকা দেশৰ অর্থনীতি কিছু উন্নত হৈ ২০২০ বর্ষৰ অক্টোবৰ–ডিচেম্বৰ তৃতীয় ত্রৈমাসিকত জিডিপি ০.৪ শতাংশ বৃদ্ধি পাইছে৷

চৰকাৰী তথ্যত প্রকাশ পোৱা মতে, অক্টোবৰ–ডিচেম্বৰ ত্রৈমাসিকত অর্থনীতি ০.৪ শতাংশ বৃদ্ধি হৈছে৷ তেনেদৰে জানুৱাৰী মাহত আন্তঃগাঁথনিৰ ক্ষেত্রখনত ০.১ শতাংশ বৃদ্ধি পাইছে৷ উল্লেখ্য যে ক’ৰোনা লকডাউনৰ মাজত এপ্রিল–জুন ত্রৈমাসিকত দেশৰ অর্থনীতি ২৩.৯ শতাংশ নিম্নগামী হৈছিল৷ দুটাকৈ ত্রৈমাসিকত জিডিপি সংকুচিত হোৱাৰ পিছত বর্ষটোৰ সামৰণিত অক্টোবৰ–ডিচেম্বৰ ত্রৈমাসিকত অর্থনীতি ইতিবাচক হৈছে৷

You might also like