নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহি পালে অনলাইন গেম FAU-G, গণৰাজ্য দিৱসৰ দিনাই কৰিলে মুকলি

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা অনলাইন গেম ‘FAU-G’ক মুক্তি দিয়া হ’ব বুলি জনাইছিল অভিনেতা অক্ষয় কুমাৰে। সেই প্রতিশ্রুতি ৰখিলেও তেওঁ। লাডাখৰ গালওয়ান সীমান্তত ভাৰতীয় সেনা হত্যাকাণ্ডৰ পিছতে দেশজুৰি PUBG-ও বন্ধ হৈছিল আৰু ইয়াৰ পিছতে অক্ষয় কুমাৰে এক অভিনৱ অনলাইন গেমৰ কথা ঘোষণা কৰিছিল।

ভাৰতীয় অনলাইন গেম ‘FAU-G’ৰ কথা ঘোষণা কৰাৰ পিছতে যুৱপ্রজন্মৰ কৌতূহল বাঢ়ি গৈছিল- কেতিয়া এই গেমে মুক্তি পাব? এইবাৰ সেই ইচ্ছা পূৰণ কৰিলে অক্ষয় কুমাৰে। আজি ২৬ জানুৱাৰীত মুক্তি পালে অনলাইন মোবাইল গেম ‘FAU-G’য়ে।

You might also like