নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেড স্কুলত বিষয়ৰ শিক্ষকৰ পদ

চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰিবলৈ আগ্রহী প্রার্থীসকললৈ অইল ইণ্ডিয়া লিমিটেডে দিছে চাকৰিৰ সুযোগ৷ কেন্দ্রীয় সংস্থা অইল ইণ্ডিয়া লিমিটেডৰ স্কুল, অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলত একাধিক শিক্ষক নিয়োগ কৰা হ’ব৷ বিভিন্ন বিষয়ৰ বাবে অসমৰ দুলীয়াজানৰ এই বিদ্যালয়ত শিক্ষক নিয়োগ কৰা হ’ব৷ এই সকলো নিযুক্তি চুক্তিৰ ভিত্তিত দিয়া হ’ব৷ নিয়োগ কৰা হ’ব চুক্তিভিত্তিক প’ষ্ট গ্রেজুৱেট শিক্ষক আৰু গ্রেজুৱেট শিক্ষক পদত৷ ইয়াৰ ভিতৰত অর্থনীতি, ইংৰাজী আৰু অংকৰ বাবে নিয়োগ কৰা হ’ব স্নাতকোত্তৰ শিক্ষক৷ স্নাতক শিক্ষকসকলক নিযুক্তি দিয়া হ’ব বিজ্ঞান আৰু শৰীৰ চর্চা বিষয়ৰ বাবে৷ সকলোবোৰ পদৰ বাবে প্রার্থীসকলৰ বয়স হ’ব লাগিব ২২ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত৷ প’ষ্ট গ্রেজুৱেট শিক্ষক আৰু গ্রেজুৱেট শিক্ষক পদত নিযুক্তসকলে মাহিলি দৰমহা লাভ কৰিব ক্রমে ১৯,৫০০ টকা আৰু ১৬,৬৪০ টকা৷ ইয়াৰ উপৰি অন্যান্য সুবিধাসমূহো দিয়া হ’ব৷ প্রাথমিকভাৱে ৬ মাহৰ বাবে নিযুক্তি দিয়া হ’ব যদিও কামৰ ভিত্তিত এই ম্যাদ ২ বছৰ পর্যন্ত বৃদ্ধি হ’ব পাৰে৷ গ্রেজুৱেট শিক্ষক আৰু প’ষ্ট গ্রেজুৱেট শিক্ষক পদৰ বাবে প্রয়োজনীয় যোগ্যতাৰ সুকীয়া মাপকাঠী ধার্য কৰা হৈছে৷ এই বিষয়ে মূল বিজ্ঞাপনত উল্লেখ কৰা হৈছে৷ পদসমূহত নিয়োগ কৰা হ’ব ৱাক ইন প্রেক্টিকেল অথবা স্কিল টেষ্ট আৰু প্রার্থীসকলৰ ব্যক্তিগত মূল্যায়নৰ জৰিয়তে৷ অহা ৫ আৰু ৭ জুলাইত পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত আগ্রহী প্রার্থীসকলে নাম পঞ্জীয়ন কৰিব লাগিব৷ লগত আনিব লাগিব বিজ্ঞাপনত প্রকাশ কৰা আবেদন–পত্রসহ সকলো প্রয়োজনীয় নথি–পত্র৷ এই বিষয়ে প্রার্থীসকলে বিস্তাৰিতভাৱে জানিবলৈ অইল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইট প্রত্যক্ষ কৰিব পাৰে৷

You might also like