নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট বাল্য ভৱনৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান…

বিশেষ বাৰ্তা, যোৰহাট, ৮ নৱেম্বৰ : জীৱন কেতিয়াও প্ৰতিযোগিতা নহয়। জীৱনক যদি প্ৰতিযোগিতা বুলি ধৰা হয় তেনেহ’লে আমি কোনো মানুহেই সুখী হ’ব নোৱাৰোঁ। জীৱনত আমাৰ অধিকাৰ হৈছে সুখী হোৱাৰ। এইটো মানুহৰ প্ৰথম অধিকাৰ।- এই মন্তব্য বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক অনুৰাধা শৰ্মা পূজাৰীৰ।

ঐতিহ্যমণ্ডিত যোৰহাট বাল্য ভৱন বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে ভাষণত আৰু উল্লেখ কৰে যে আমি জীৱনটো পাইছোঁ, সুখী হ’ব লাগিব। কিন্তু সেই সুখী হ’বলৈ হ’লে আমি সেইটো বিচাৰিব নালাগিব যে এইটো বিষয় পঢ়িলেহে মোৰ তিনিখন গাড়ী, তিনিটা ঘৰ হ’ব। সুখৰ সেই সংজ্ঞা মনৰ পৰা আঁতৰাব লাগিব। আৰামদায়ক জীৱনে কেতিয়াও সুখ দিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে। সুখৰ প্ৰতিবিম্ব শিশুৰ মুখত থাকক- সেই কথা আমি উপলব্ধি কৰিব নোৱাৰা হৈছোঁ বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে আৰু কয় যে আমি শিশুসকলক অত্যধিক বোজা দি তেওঁলোকৰ জীৱনটো অধিক ভয়াৱহ কৰি পেলাইছোঁ। স্বতঃস্ফূৰ্ত শিক্ষা শিক্ষাৰ প্ৰথম লক্ষ্য হোৱা উচিত বুলি উল্লেখ কৰি সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে আৰু কয় যে স্বত:স্ফূৰ্ত শিক্ষাৰ মাজেৰে যাতে শিশুৱে জীৱনটো উপভোগ কৰিব পাৰে আৰু শিশুৱে যাতে শৈশৱ হেৰুৱাই নেপেলায় সেই কথা উপলব্ধি কৰাৰ প্ৰয়োজন আছে। তেওঁ প্ৰসংগক্ৰমে আৰু উল্লেখ কৰে যে মানৱ সম্পদ যদি তৈয়াৰ কৰিবলৈ হয়, তেতিয়াহ’লে কিশোৰটিয়ে যি ভাল পায় সেই ভাল পোৱাখিনি কৰি যোৱাত অভিভাৱক কেতিয়াও বাধা হৈ থিয় হ’ব নালাগে।

সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাই সাম্প্ৰতিক সময়ত ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে কৃত্ৰিম বুদ্ধিমত্তাই সাহিত্যৰ ক্ষেত্ৰতো মৌলিকতা নাইকিয়া কৰিছে। আমি আকাশখন চাই যি অনুভূতি পাওঁ, সেই অনুভূতি কৃত্ৰিম বুদ্ধিমত্তাই আনি দিব নোৱাৰে। এটা কথা মনত ৰাখিব লাগিব কোনখিনিলৈকে আমি মানুহ আৰু কোনখিনিলৈকে আমি প্ৰযুক্তি বুলি উল্লেখ কৰি তেওঁ কয় যে যন্ত্ৰই যিদিনাৰ পৰা মানুহক শাসন কৰিবলৈ আৰম্ভ কৰিছে সেইদিনাৰ পৰাই পৃথিৱীত মানুহ বুলিবলৈ কোনো নাথাকিব। মানুহে প্ৰযুক্তিক শাসন কৰিব লাগিব বুলি সাহিত্যিকগৰাকীয়ে ভাষণত উল্লেখ কৰে। যোৰহাট বাল্য ভৱন বিদ্যালয়ৰ স্মৃতিগ্ৰন্থ প্ৰজ্ঞাতীৰ্থৰ লগতে বিদ্যালয়ৰ হাতে লিখা আলোচনী উন্মোচন কৰে অনুৰাধা শৰ্মা পূজাৰীয়ে।

যোৰহাট বাল্য ভৱনত মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আজি গ্ৰন্থ উন্মোচনী সভাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত হেৰাই যাব বিচৰা গ্ৰন্থ এ হিষ্ট্ৰী অৱ আছাম টী কোম্পানীৰ নামত পুনৰ মুদ্ৰণ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত চাহ বিশেষজ্ঞ ড০ প্ৰদীপ বৰুৱাই। গ্ৰন্থখন উন্মোচন কৰি ড০ বৰুৱাই অসমৰ চাহৰ ইতিহাস সম্পৰ্কত উল্লেখ কৰে। এই অনুষ্ঠানটোত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ অঞ্জনা চলিহাই বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰি উলিওৱা হাতে লিখা আলোচনী উন্মোচন কৰে।

অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মীনাক্ষি গোহাঁয়ে । ইয়াৰ পূৰ্বে আজি পুৱা মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰুপম বৰুৱাই ।প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বিশিষ্ট চিত্ৰশিল্পী ভৃগুপতি হাজৰিকাই। এই প্ৰদৰ্শনীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাথমিক বিদ্যালয়ৰ নামভৰ্তিৰ পঞ্জীয়ন বহী বিশেষভাৱে প্ৰদৰ্শন কৰা হয়। কিয়নো এইখন শিক্ষানুষ্ঠানতে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছিল। আজিৰ অনুষ্ঠানটোত স্মৃতিগ্ৰন্থ উপ-সমিতিৰ উপ-সভাপতি ড০ ৰূপৰেখা বৰা, স্মৃতিগ্ৰন্থ সম্পাদক শান্তনু ঠাকুৰ আৰু যোৰহাট জিলাৰ অতিৰিক্ত শিক্ষা আয়ুক্ত মগেন নৰহে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উপলক্ষে উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই।

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ নামজলা বহু লোকৰ শিক্ষাৰ কঠীয়াতলী এই বাল্য ভৱনৰ মহাৰজত জয়ন্তী সামৰণী অনুষ্ঠানৰ ১০ নৱেম্বৰত সামৰণি পৰিব।

You might also like