নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমা হাছাওৰ জলপ্ৰপাতত পৰি সন্ধানহীন শিলচৰ এন আই টিৰ ২ ছাত্রীসহ তিনি শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, শিলচৰ, ৮ নৱেম্বৰ : ডিমা হাছাও জিলাৰ হাৰাংগাজাও অঞ্চলত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। ভ্ৰমণৰ সময়ত জলপ্ৰপাতত পৰি সন্ধানহীন হৈ পৰিছে শিলচৰ এন আই টিৰ দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ।

শনিবাৰে শিলচৰ এন আই টিৰ প্ৰথম বৰ্ষৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাৰাংগাজাও ভ্ৰমণৰ সময়ত স্থানীয় বাউলছল জলপ্ৰপাতলৈ যায়। তাতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে, জলপ্ৰপাতটোৰ গভীৰ পানীত পৰি তিনিওজনেই সন্ধানহীন হৈ পৰে। নিৰুদ্দেশ হোৱা ছাত্ৰ-ছাত্ৰীকেইগৰাকী হ’ল— সৌহৰ্দ ৰয়, সৰ্ব কৃতকা আৰু ৰাধিকা।

ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে জনোৱা মতে, শিলচৰ এন আই টিৰ দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ জলপ্ৰপাতত পৰি নিৰুদ্দেশ হোৱাৰ লগতে তেওঁলোকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা হৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে হাৰাংগাজাও থানাৰ অ’ চি লক্ষ্মীন্দৰ শইকীয়া নেতৃত্বাধীন আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে। তদুপৰি শিলচৰ এন আই টিৰ বিষয়াৰ এটা দলো হাৰংগাজাওলৈ ৰাওনা হৈছে। শেহতীয়া খবৰ মতে নিৰুদ্দেশ হোৱা ছাত্ৰ-ছাত্ৰীৰ সন্ধান পোৱা হোৱা নাই।

You might also like