নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ কুমুদ তালুকদাৰক বর্ষশ্রেষ্ঠ ক্রীড়া সাংবাদিকতা বঁটা প্রদান

ক্রীড়া-সংগীত-সাহিত্য-সাংবাদিকতা-স্বাস্থ্য ক্ষেত্রত অৱদান আগবঢ়োৱা ব্যক্তিক সন্মান ৰাইটার্ছ ফ’ৰাম অসমৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ সাহিত্য–সাংস্কৃতিক সংগঠন ৰাইটার্ছ ফ’ৰাম অসমৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্রত সংগঠনটোৰ ৰাজ্যিক বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়৷ চলিত বর্ষৰ ৰাজ্যিক বঁটা প্রদান অনুষ্ঠানত ক্রীড়া, সংগীত, সাহিত্য, সংস্কৃতি, সাংবাদিকতা, স্বাস্থ্য আদি বিভাগত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক সন্মান জনোৱা অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, পৰিচালক, সাংবাদিক জিতেন শর্মাক জীৱনজোৰা সাধনা বঁটা প্রদান কৰাৰ লগতে নিয়মীয়া বার্তা কাকতৰ উপ-সম্পাদক জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰক বর্ষশ্রেষ্ঠ ক্রীড়া সাংবাদিকতা বঁটা প্রদান কৰা হয়৷ একেটা অনুষ্ঠানতে সমাজকর্মী তনুজা চেতিয়া, ভদ্রেশ্বৰ তালুকদাৰ, নাদিৰ গুলখান, পূর্বোদয় কাকতৰ সম্পাদক ৰবিশংকৰ ৰবিক বর্ষশ্রেষ্ঠ সাংবাদিকতা বঁটা প্রদান কৰা হয়৷ ইপিনে, বিশিষ্ট খেলুৱৈ শিৱাংগী খেলুৱৈক বর্ষশ্রেষ্ঠ ক্রীড়াবিদ, দিগন্ত কলিতাক বর্ষশ্রেষ্ঠ বিধায়ক, প্রস্তুতি পৰাশৰক বর্ষশ্রেষ্ঠ অভিনেত্রী, ৰুণজুন মৰাণক বর্ষশ্রেষ্ঠ সমাজসেৱিকা, মিতালী কোঁৱৰক বর্ষশ্রেষ্ঠ সাংবাদিকতা বঁটা, সদানন্দ গগৈক বর্ষশ্রেষ্ঠ যুৱ সাংবাদিক, চিন্ময় ৰয়ক বর্ষশ্রেষ্ঠ ফটো সাংবাদিক, পুলক গোস্বামী আৰু গিৰীশ ফুকনক ক্রীড়া সংগঠক বঁটা প্রদান কৰা হয়৷ একেদৰে তৰালী শর্মাক বর্ষশ্রেষ্ঠ গায়িকা, প্লাৱন বৰা আৰু বিকাশ ভট্টাচার্যক গ্রাম্য ক্রীড়া সংগঠক, মনোজ কুমাৰ বৰগোহাঁইক বর্ষশ্রেষ্ঠ সমাজ সংগঠক, পার্থপ্রতিম গগৈ আৰু মনোজ চেতিয়াক বর্ষশ্রেষ্ঠ ক্রীড়া প্রশিক্ষণ, প্রদীপ বর্মনক বর্ষশ্রেষ্ঠ ফটো সাংবাদিক, নিৱেশ শইকীয়া আৰু দেৱিকা বর্মনক বর্ষশ্রেষ্ঠ বিশেষ প্রতিভাৱান খেলুৱৈৰ বঁটা প্রদান কৰা হয়৷ চন্দ্রশেখৰ গগৈক ক্রীড়া সাধক আৰু অসম বেডমিণ্টন সন্থাক বর্ষশ্রেষ্ঠ ক্রীড়া সন্থা, শিৱচান্দ হাতীবৰুৱা আৰু সুজিত দে’ক বর্ষশ্রেষ্ঠ সমাজসেৱকৰ বঁটা, ৰামচৰণ পাঠকক লোকশিল্পী, ৰূপচান নাথক স্বাস্থ্যকর্মী, প্রবীণ বৈশ্যক সমাজ ৰত্ন, পৰেশ বৈশ্যক কৃষক বন্ধু, দিলীপ বর্মনক বর্ষশ্রেষ্ঠ ঔপন্যাসিক, তপন কলিতাক বর্ষশ্রেষ্ঠ নাট্য সংগঠক বঁটা প্রদান কৰা হয়৷ বিবেকানন্দ কেন্দ্র প্রেক্ষাগৃহত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানত প্রবীণ সাংবাদিক হাইদৰ হুছেইন, শিক্ষাবিদ ড০ দয়ানন্দ পাঠক, সমাজকর্মী–লেখক গোপাল জালান, লেখক–চিকিৎসক ডাঃ শুভ্রকিংকৰ গোস্বামী, শিক্ষাবিদ মুকুল সৰকাৰ, সমাজসেৱিকা দীপালী বর্মন আৰু ক্রীড়া সংগঠক ললিত গগৈ উপস্থিত থাকি বঁটা প্রাপকসকলক বঁটা প্রদান কৰে৷ অনুষ্ঠানত ৰাইটার্ছ ফ’ৰাম অসমৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে আদৰণী ভাষণ আগবঢ়ায় আৰু কুইন বনোক্য বর্মনে কবিতা আবৃতি কৰে৷ ৰাজ্যৰ ভিন্ন ক্ষেত্রৰ বহু ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানতে মডার্ন হাইস্কুলৰ ছাত্র-ছাত্রীসকলে এটি দেশপ্রেমমূলক গীত পৰিৱেশন কৰে৷

You might also like