নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ুস মিছন, অসমত পদ খালী

👉সাক্ষাৎকাৰৰ তাৰিখ ৩১ জুলাই

ৰাষ্ট্রীয় আয়ুস মিছন, অসমত ৬২টা ডিষ্ট্রিক প্রগেম মেনেজাৰ (ডিপিএম) আৰু ডাটা এণ্ড্রী অপাৰেটৰ (ডিই’) পদৰ বাবে আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ ডিষ্ট্রিক প্রগ্রেম মেনেজাৰৰ খালী পদৰ সংখ্যা ৩১টা৷ দৰমহা মাহিলি ৪০,০০০ টকা৷ প্রার্থীসকলে হেলথ কেয়াৰ মেনেজমেণ্ট, মাষ্টাৰছ ইন হেলথ, হাস্পতাল এডমিনিষ্ট্রেচন, পোষ্ট গ্রেজুৱেট ইন হাস্পতাল এণ্ড হেলথ কেয়াৰ মেনেজমেণ্ট (দুবছৰ) আদি বিষয়ত স্বীকৃতিপ্রাপ্ত এআইচিটিই প্রতিষ্ঠানৰ পৰা স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ ৰাজহুৱা স্বাস্থ্য কার্যসূচীত কমেও তিনি বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীসকলৰ এমএছ অফিচ, এমএছ ৱর্ড, এমএছ পাৱাৰ পইণ্ট, এমএছ এক্সেল আদিত কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব৷ আয়ুসকে ধৰি স্বাস্থ্যখণ্ডত কাম কৰাৰ অভিজ্ঞতা থকাসকলক অগ্রাধিকাৰ দিয়া হ’ব৷ প্রার্থীসকলৰ বয়স চলিত বর্ষৰ ১ জানুৱাৰীত ৫৯ বছৰৰ ভিতৰত হ’ব লাগিব৷ সাক্ষাৎকাৰৰ তাৰিখ ২৮ জুলাই৷ ডাটা এণ্ড্রী অপাৰেটৰৰ খালী পদ ৩১টা৷ প্রার্থীসকলক মাহিলি ২০,০০০ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকলে কম্পিউটাৰ এপ্লিকেচন, আইটি, বিজনেছ এডমিনিষ্ট্রেচন, বি টেক (চিএছ) অথবা আইটি, বিচিএ, বিবিএ, বিএছচি আইটিত স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা কম্পিউটাৰ ছায়েঞ্চত এবছৰৰ ডিপ্ল’মা চার্টিফিকেটপ্রাপ্ত হ’ব লাগিব৷ প্রার্থীসকলৰ টাইপিং স্পীড ইংৰাজী প্রতি মিনিটত ৩০টা শব্দ আৰু হিন্দীত ২৫টা শব্দ হোৱা জৰুৰী৷ আয়ুসকে ধৰি স্বাস্থ্যখণ্ডত দুবছৰৰ কাম কৰাৰ অভিজ্ঞতা থকা বাঞ্ছনীয়৷ প্রার্থীৰ বয়স চলিত বর্ষৰ ১ জানুৱাৰীত ৫৯ বছৰৰ ভিতৰত হ’ব লাগিব৷ সাক্ষাৎকাৰৰ অন্তিম তাৰিখ ৩১ জুলাই আৰু ১ আগষ্ট৷

You might also like