নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ আজি ৰাষ্ট্ৰজুৰি উদযাপন কৰা হৈছে দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস ৷ ১৯৫০ চনৰ আজিৰ এই দিনটোতে ভাৰতীয় সংবিধান গৃহীত কৰা হৈছিল ৷ তেতিয়াৰ পৰাই ২৬ জানুৱাৰী দিনটো প্ৰতিবছৰে গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাতো ৭২ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়।

আজি নগাঁও জিলাত গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱসৰ উপলক্ষে ৰখা বক্তব্যত মন্ত্ৰী গৰাকীয়ে ভাৰত নিৰ্মাণৰ মনিষীসকলক স্মৰণ কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ণৰ খতিয়ান দাঙি ধৰে।

ইপিনে ক’ভিড-১৯ ৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়, “কভিড-১৯ ৰ যুঁজখনত অসমৰ যি সফলতা আছিল, সেয়া দেশৰ ভিতৰতে অনন্য আছিল। মাত্ৰ .৪৮ শতাংশ মৃত্যুৰ বিপৰীতে ৯৯ শতাংশ আৰোগ্যৰ ধাৰাৰে আমি ভাৰতৰ ভিতৰতে উজ্বলি উঠিবলৈ সক্ষম হৈছিলোঁ। কভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনে প্ৰমান কৰিলে যে আত্মনিৰ্ভৰ ভাৰতৰ লগতে আত্মনিৰ্ভৰশীল অসমো দ্ৰুত গতিত আগবাঢ়ি গৈছে।”

 

You might also like