নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ বিশিষ্ট ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ দেহাৱসান। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মঙলবাৰে ৭৯ বছৰ বয়সত হাতীগাঁৱৰ লখিমীনগৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ড০ ৰমেশ পাঠকে। দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভুগি আছিল ড০ পাঠক।

কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত ২০২০ চনৰ ৩ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ জিএনআৰচিত আৰু ১৬ ডিচেম্বৰৰ পৰা ২০২১ চনৰ ২৩ জানুৱাৰীলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল ড০ ৰমেশ পাঠক।

উল্লেখ্য যে, ড৹ ৰমেশ পাঠকে ১৯৫৯ চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পিছত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই.এ. আৰু ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় । ১৯৬৫ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় । পৰৱৰ্তী সময়ত ড৹ পাঠকে প্ৰথমে অৰুণাচল প্ৰদেশৰ তেজু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে চাকৰিত যোগদান কৰে । ইয়াৰ পিছতে ১৯৬৬ চনত অৰুণাচল প্ৰদেশৰ জৱাহৰলাল নেহৰু কলেজত অধ্যাপক হিচাপে যোগদান কৰে।

ইয়াৰ চাৰি বছৰ পিছত ১৯৭০ চনত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে আৰু কটনৰ পৰাই তেখেতে অৱসৰ গ্ৰহণ কৰে । তেখেতে ২০০৬ চনৰ পৰা ২০১০ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আৰু ২০০৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেখেতে ভাষা বিজ্ঞানৰ ভূমিকা, অসমীয়া ভাষাৰ ইতিহাস,ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞানকে ধৰি বহু যুগজয়ী গ্ৰন্থ প্ৰনয়ন কৰি অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে ৷

বিশিষ্ট ভাষাবিদ গৰাকীৰ বিয়োগত এতিয়া সমগ্ৰ ৰাজ্যতে পৰিছে শোঁকৰ ছা ৷

You might also like