নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বৰদিন : গির্জাত কেৰ’লৰ ধ্বনি

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : বিপুল উৎসাহ–উদ্দীপনাৰ মাজেৰে ৰাজ্যজুৰি খ্রীষ্টান ধর্মাৱলম্বী লোকে আজি উদযাপন কৰিব বৰদিন ৷ আজি পুৱাৰে পৰা গির্জাঘৰসমূহত অনুষ্ঠিত হয় সমূহীয়া প্রার্থনা৷ বিশ্বৰ বিভিন্ন প্রান্তত জনসাধাৰণে বৰদিন উপলক্ষে ব্যাপক আয়োজন কৰিছে৷ অসমতো ইয়াৰ ব্যতিক্রম নহয়৷ ৰাজ্যৰ খ্রীষ্টান ধর্মাৱলম্বীৰ বিভিন্ন প্রান্তত থকা উপাসনা গৃহ গির্জাঘৰসমূহ ৰং–বিৰঙৰ আলোকেৰে সজাই–পৰাই তোলা হৈছে৷ গুৱাহাটী মহানগৰীও ইয়াৰ ব্যতিক্রম নহয়৷ বৰদিন উপলক্ষে আটকধুনীয়া আলোকসজ্জাৰে আলোকিত কৰি তোলা হৈছে গুৱাহাটী খ্রাইষ্ট চার্চ, পাণবজাৰ বেপ্টেষ্ট চার্চ, দিছপুৰ চার্চ, খাৰঘুলি চার্চ, ডনবস্ক’ চার্চকে ধৰি বিভিন্ন প্রান্তত অৱস্থিত গির্জাঘৰসমূহ৷ ভিন্নৰঙী আলোকেৰে সু–সজ্জিত গির্জাসমূহে যেন অন্য এক মায়াময় পৰিৱেশৰহে সূচনা কৰিছে৷ উল্লেখ্য যে যীশুখ্রীষ্টৰ জন্ম হৈছিল এই দিনটোত৷ সেয়ে বৰদিনৰ দিনটোক অতি পৱিত্র হিচাপে গণ্য কৰি আহিছে খ্রীষ্টান ধর্মাৱলম্বীসকলে৷ সকলো দুখ–বেদনাক একাষৰীয়া কৰি থৈ বৰদিনৰ দিনা প্রভু যীশুৰ প্রার্থনাত মিলিত হয় ৰাইজ৷ বিভিন্ন গির্জাঘৰতো ইয়াৰ প্রতিফলন ঘটিল৷ প্রতীকী ৰূপত বিভিন্ন স্থানত উপস্থাপন কৰা হ’ল প্রভু যীশুৰ জন্মৰ আঁৰৰ কাহিনী৷ অকল খ্রীষ্টান ধর্মাৱলম্বী ৰাইজেই নহয়, আন ধর্মৰ লোকেও প্রাক্–বৰদিনৰ কার্যসূচীত অংশগ্রহণ কৰা দেখা গ’ল৷ বৰদিনৰ সৈতে সংগতি ৰাখি গির্জাসমূহ মুখৰ হৈ পৰিছে কেৰ’লৰ ধ্বনিৰে৷ কেৰ’ল পৰিৱেশনেৰে ইজনে সিজনক বিলাব ভাতৃত্ববোধ, শান্তি–একতাৰ বাণী৷ সমূহীয়া প্রার্থনাৰ জৰিয়তে প্রভু যীশুৰ ওচৰত খ্রীষ্টধর্মী ৰাইজে কামনা কৰিব বিশ্ব শান্তি, ভাতৃত্ববোধ আৰু একতাৰ৷ বৰদিন উপলক্ষে ৰাজ্যৰ খ্রীষ্টান ধর্মাৱলম্বীলৈ শুভেচ্ছা জনাইছে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই৷ এটা বিবৃতিযোগে ৰাজ্যপাল কাটাৰিয়াই বৰদিনে ৰাজ্যত একতাৰ এনাজৰীডাল কটকটীয়া কৰি বিশ্বশান্তি স্থাপন কৰিব বুলি আশা প্রকাশ কৰে৷

You might also like