নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰলৈ ঘাতক বন্দনা: আৰক্ষীৰ জিম্মালৈ অৰূপ–ধনটি

নিয়মীয়া বাৰ্তা,৩ মাৰ্চ:   শংকৰী–অমৰজ্যোতি দে’ৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক বৃহস্পতিবাৰে কাৰাগাৰলৈ প্রেৰণ কৰা হৈছে৷ কালি হত্যাকাৰী বন্দনাসহ আন দুজন অভিযুক্ত ক্রমে অৰূপ ডেকা আৰু ধনটি ডেকাকো আদালতত হাজিৰ কৰা হয়৷ আদালতে অৰূপ আৰু ধনটিক পুনৰ দুদিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰে৷ উল্লেখ্য যে আৰক্ষীয়ে হত্যাকাৰী বন্দনাক পুনৰ তিনি দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে কাৰাগাৰলৈ প্রেৰণ কৰে৷

জানিব পৰা মতে, হত্যাকাৰী বন্দনাই তদন্তত আৰক্ষীক সহযোগ কৰিলেও হত্যাকাণ্ড দুটাৰ মূল উদ্দেশ্য প্রকাশ কৰা নাছিল৷ জেৰাৰ সময়ত বিভিন্ন কথাৰে আৰক্ষীক বিভ্রান্তহে কৰিছিল৷ ইপিনে বন্দনাক কাৰাগাৰত নিক্ষেপ কৰিলেও আজিলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই শংকৰী–মৰজ্যোতিৰ ছিন্ন মুণ্ড৷ যোৱা কেইদিনত কেইবাবাৰো মেঘালয়ৰ ডাউকীত অভিযান চলোৱা হৈছে যদিও মৃতদেহ দুটাৰ সম্পূর্ণ অংশ উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷ বন্দনাই দিয়া বিভ্রান্তিমূলক তথ্যৰ পাছত একপ্রকাৰ বিপাঙত পৰা আৰক্ষীয়ে এইবাৰ অৰূপ আৰু ধনটি ডেকাক লৈ মেঘালয়ত অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷

মন কৰিবলগীয়া যে বন্দনা আৰু ধনটিয়ে আৰক্ষীক বিভিন্ন ধৰণে বিভ্রান্তি কৰিলেও আনজন অভিযুক্ত অৰূপ ডেকাই আৰক্ষীৰ জেৰাত হত্যাকাণ্ড দুটা সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ তথ্য দিছে বুলি আৰক্ষী সূত্রই জনাইছে৷ বিশেষকৈ শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্টৰ সন্ধান দিয়াৰ ক্ষেত্রতো অৰূপে তদন্তকাৰী আৰক্ষীক যথেষ্ট সহায় কৰিছিল৷ আৰক্ষীৰ জেৰাতো অৰূপে দুয়োটা হত্যাকাণ্ড বন্দনাই নিজৰ অভিন্ন বন্ধু ধনটিৰ সৈতে লগ লাগি কৰিছিল বুলি স্বীকাৰোক্তি দিছিল৷ মহানগৰ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এতিয়ালৈকে একো মন্তব্য নকৰিলেও আৰক্ষীৰ প্রতি অৰূপৰ এনেধৰণৰ সহযোগিতাই এক বিশেষ ধৰণৰ ইংগিত বহন কৰিছে৷ প্রশ্ন হৈছে বিভ্রান্তিত থকা মহানগৰ আৰক্ষীক উপযুক্ত তথ্য–প্রমাণ দি ৰাজসাক্ষী হোৱাৰ প্রস্তুতি চলাইছে নেকি ডাবল মার্ডাৰ কাণ্ডৰ অভিযুক্ত অৰূপ ডেকাই?

You might also like