নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শিক্ষা নীতিৰ আধাৰত আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

নিয়মীয়া বাৰ্তা,৩ মাৰ্চ:  নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ আধাৰত আজিৰে পৰা অনুষ্ঠিত হ’ল চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত (মেট্রিক) পৰীক্ষা৷ অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই ৰাজ্যৰ ভিন্ন প্রান্তত স্থাপন কৰা মুঠ ৯১২টা কেন্দ্রত ৪,২২,১৭৪জন পৰীক্ষার্থীয়ে অৱতীর্ণ হ’ল৷ পৰীক্ষার্থীসকলৰ ১,৯৪,০৫৪জন ছাত্র হোৱাৰ বিপৰীতে ২,২৮,২১০গৰাকী ছাত্রী৷ অর্থাৎ এইবাৰ ছাত্রৰ তুলনাত ছাত্রীৰ সংখ্যা যথেষ্ট বেছি৷ নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ আধাৰত প্রথমবাৰৰ বাবে অনুষ্ঠিতব্য মেট্রিক পৰীক্ষাত কেতবোৰ পৰিৱর্তন আনিছে ছেবা কর্তৃপক্ষই৷

এইবাৰ চাৰিটা মুখ্য বিষয়ত থাকিব ৫০ শতাংশ অবজেক্টিভ প্রশ্ন৷ প্রতিটো প্রশ্ণৰ বিপৰীতে নম্বৰ ধার্য কৰা হৈছে ১৷ তদুপৰি এই বিষয়কেইটা ক্রমে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত থাকিব দুখনকৈ পৃথক উত্তৰবহী৷ প্রথমখন উত্তৰবহী হ’ব আঠ পৃষ্ঠাৰ৷ এই উত্তৰবহীত পৰীক্ষার্থীসকলে অবজেক্টিভ প্রশ্ন (১ নম্বৰৰ প্রশ্ণ) উত্তৰ কৰিব পাৰিব৷ আনহাতে দ্বিতীয়খন বহী হ’ব ১৬ পৃষ্ঠাৰ৷ য’ত কৰিব পাৰিব ডেছকেপটিভ প্রশ্নৰ উত্তৰ৷ অসমীয়া আৰু ঐচ্ছিক বিষয়ত পূর্বৰ নিয়ম অপৰিৱর্তিত থাকিব৷ একেদৰে এইবাৰ প্রথমবাৰৰ বাবে উত্তৰবহীত আলপিনৰ পৰিৱর্তে বহীৰ ওপৰৰ কাষত থকা ফুটাত ৰছীৰে অতিৰিক্ত উত্তৰবহী সংলগ্ন কৰাৰ ব্যৱস্থা কৰিছে ছেবাই৷

উল্লেখ্য যে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ বিগত বর্ষবোৰৰ দৰে এইবাৰো প্রতিটো কেন্দ্রত ১৪৪ ধাৰা জাৰি কৰাৰ সমান্তৰালভাৱে এই কেন্দ্রসমূহৰ ৫০ মিটাৰ ব্যাসার্ধৰ ভিতৰত কোনো লোকৰ প্রৱেশত বাধা আৰোপ কৰিছে ছেবা কর্তৃপক্ষই৷  অহা ২০ মার্চত সামৰণি পৰিব মেট্রিক পৰীক্ষা৷

You might also like