নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলডিপিৰ ৭২ সদস্যই যোগ দিলে নতুন দলত

অসম জাতীয় পৰিষদৰ কার্যালয় মুকলি

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ     ৰাজ্যৰ ৰাজনীতিত নতুনকৈ জন্ম হোৱা অসম জাতীয় পৰিষদ (অজাপ) নামৰ ৰাজনৈতিক দলটোৰ কার্যালয় দেওবাৰে মুকলি কৰা হয়৷ গুৱাহাটীৰ আমবাৰীস্থিত লেম্ব ৰোডত অজাপৰ নতুন কার্যালয়টো মুকলি কৰা হৈছে৷ ইপিনে, দেওবাৰে কার্যালয় মুকলি কৰাৰ পাছতে অনুষ্ঠিত হোৱা যোগদান কার্যসূচীত লিবাৰেল ডেমক্রেটিক পার্টীৰ (এল ডি পি) ৰাজ্যিক আৰু যুৱ মর্চাৰ ৭২জন নেতা–কর্মীয়ে অজাপত যোগদান কৰে৷ এল ডি পিৰ দৰং, ধুবুৰী, ডিব্রুগড়, মাজুলী, যোৰহাট আৰু গুৱাহাটী জিলা সমিতিৰ নেতাই নতুন দলটোত যোগদান কৰিছে৷ আনহাতে, পূর্ণাংগ পর্যায়ৰ কমিটী গঠন হোৱাৰ পূর্বে আছুৰ ঔৰসত নতুনকৈ জন্মলাভ কৰা এই দলটোৱে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা৷ এই কথা সদৰী কৰে অজাপৰ মুখ্য আহ্বায়ক বসন্ত ডেকাই৷ কার্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকি মুখ্য আহ্বায়কগৰাকীয়ে কয় যে আজি যোগদান কৰা অধিকাংশই যুৱ প্রজন্মৰ প্রতিনিধি৷ প্রবীণসকলে অসমৰ বাবে বিশেষ একো কৰিব নোৱাৰিলে৷ সেয়েহে যুৱ প্রজন্মৰ ওপৰতে অসমৰ ভৱিষ্যৎ নির্ভৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়–‘নৱেম্বৰৰ প্রথম সপ্তাহৰ পৰা অনলাইন সদস্যভর্তি প্রক্রিয়া আৰম্ভ হ’ব৷ ইতিমধ্যে তথ্য–প্রযুক্তি কোষে ইয়াৰ বাবে যাৱতীয় কাম আৰম্ভ কৰিছে৷ উজনি–নামনি, বৰাকৰ তিনিখন জিলা, দুই পাহাৰীয়া জিলা ক্রমে কার্বি আংলং আৰু ডিমা হাছাওত সাংগঠনিক কাম–কাজ আৰম্ভ হৈছে৷ অহা ৩০ অক্টোবৰৰ ভিতৰত আহ্বায়ক কমিটীৰ গঠন প্রক্রিয়া সম্পূর্ণ হ’ব৷ সকলোৰে মতামতৰ ভিত্তিত নতুন দলটোৰ সংবিধান চূড়ান্ত কৰা হ’ব৷’ ইফালে, কৃষক মুক্তি সংগ্রাম সমিতিৰ সৈতে মিত্রতাৰ প্রসংগত সোধা প্রশ্ণৰ উত্তৰত ডেকাই কয় যে মিত্রতাৰ সিদ্ধান্ত পূর্ণাংগ সমিতিয়েহে ল’ব৷ আহ্বায়ক কমিটীক কেৱল দলটোৰ ভেটি গঢ়াৰ দায়িত্বহে দিয়া হৈছে৷ মিত্রতাৰ সিদ্ধান্ত লোৱাৰ কর্তৃত্ব আহ্বায়ক কমিটীৰ নাই৷ পূর্ণাংগ দল গঠনৰ পাছতহে এই সিদ্ধান্ত চূড়ান্ত হ’ব৷ অৱশ্যে ভৱিষ্যতে আন ৰাজনৈতিক দলৰ সৈতে মিত্রতাৰ পূর্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে অজাপৰ আন এগৰাকী মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচার্যই৷ যোগদান অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘পৰামর্শদাতা সমিতিয়ে এক ঐক্যবদ্ধ ৰাজনৈতিক শক্তিৰ পোষকতা কৰিছে৷ আমিও সেইটো হোৱাটো বিচাৰোঁ৷ দল গঠন হোৱাৰ পাছতহে এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো প্রস্তাৱ অহা নাই আৰু আমিও কোনো কথা–বতৰা এতিয়ালৈ পতা নাই৷’ ইফালে, জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞায়ো ঐক্যবদ্ধ ৰাজনৈতিক দলৰ বিষয়টো যোগাত্মক দিশে আগবাঢ়িছে বুলি উল্লেখ কৰে৷ অৱশ্যে ৰাজনৈতিক দলটো পূর্ণাংগভাৱে গঠন হোৱাৰ পাছতহে এই সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে আহ্বায়ক কমিটীয়ে দলটোৰ সাংগঠনিক দিশটোহে চোৱাচিতা কৰি আছে৷ নৱেম্বৰৰ প্রথম সপ্তাহত ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত হ’ব আৰু তাত পূর্ণাংগ ৰূপত নতুন দলৰ আত্মপ্রকাশ ঘটিব৷ ইয়াৰ পাছতহে ৰাজনৈতিক কাম–কাজ আৰম্ভ হ’ব৷ দলটোৰ সভাপতি কোন হ’ব বুলি সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– ‘অসম জাতীয় পৰিষদ ব্যক্তিগত ধ্যান–ধাৰণাৰ ওপৰত বিশ্বাসী নহয়৷ এটা আদর্শকেন্দ্রিক ধ্যান–ধাৰণাৰেহে এই দলটো আগবাঢ়িব৷ উমৈহতীয়া নেতৃত্বৰে দলক শক্তিশালী কৰা হ’ব৷ ৰাজনৈতিক অভিৱর্তনত সকলো জাতীয়তাবাদী শক্তি, জাতি–জনগোষ্ঠীৰ প্রতিনিধি উপস্থিত থাকিব৷ এই অভিৱর্তনতে বিষয়টো গণতান্ত্রিকভাৱে আগবঢ়াই নিয়া হ’ব৷’ কৃষক মুক্তি সংগ্রাম সমিতিয়ে মিত্রতাৰ বাবে চূড়ান্ত সময়সীমা বান্ধি দিয়াৰ প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি ভূঞাই কয় যে আনুষ্ঠানিকভাৱে এইক্ষেত্রত তেওঁলোকৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰা হোৱা নাই৷ কেৱল সংবাদ মাধ্যমতহে বিষয়টো দৃষ্টিগোচৰ হৈছে৷ তদুপৰি মিত্রতাৰ প্রসংগত আহ্বায়ক কমিটীৰ কর্তৃত্ব নাই৷ সমান্তৰালভাৱে সমন্বয়ক ভূঞাই বিজেপিক কটাক্ষ কৰি কয়–‘আমাৰ দল গঠন হোৱাৰ পাছত বিজেপিৰ মুখত আন দলৰ নাম নোলোৱা হৈছে৷ তেওঁলোকৰ যে টোপনি নোহোৱা হৈছে এয়াই প্রমাণ৷ ৩–৪ মাহৰ পাছত প্রত্যাহ্বান কিমান ভয়ংকৰ হ’ব, সেয়া তেওঁলোকে গম পাব৷

You might also like