নগদ ২.২ কোটি টকা ভৰি স্বদেশলৈ উভতিল ৰুছ ৰাষ্ট্রপতি
🔹 আলাস্কাত ট্ৰাম্পৰে আলোচনাৰ অন্তত বিপাকত পুটিন
নিউজ ডেস্ক, ২২ আগষ্ট : আলাস্কাত ৰঙা দলিচাৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰি পুটিনক আদৰণি জনালেও আলাস্কাৰ পৰা স্বদেশলৈ ওভতাৰ সময়ত বিপাকত পৰিছিল পুটিন৷
স্বদেশলৈ ওভতাৰ বাবে ৰুছ ৰাষ্ট্রপতি পুটিনে নগদ ২.২ কোটি টকা ভৰিবলগীয়া হৈছিল৷ আশ্চর্যজনক লাগিলেও ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে আলাস্কাৰ পৰা ওভতিবলৈ তেওঁৰ বিমানৰ ইন্ধন ভৰাবলৈ আমেৰিকাক নগদ ২.২ কোটি টকা (আঢ়ৈ লাখ মার্কিন ডলাৰ) দিবলগীয়া হৈছিল৷
তথ্য মতে, পুটিনৰ বিমানত ইন্ধন ভৰাবলৈ নগদ ধন ভৰাৰ আঁৰত আছে ৰাছিয়াৰ ওপৰত থকা মার্কিন বেংকিং ব্যৱস্থাৰ নিষেধাজ্ঞা৷ মার্কিন বেংকিং ব্যৱস্থাৰ নিষেধাজ্ঞাৰ বাবে ৰুছে সেই ব্যৱস্থাক ব্যৱহাৰ কৰিব নোৱাৰি নগদ ধন দিবলগীয়া হৈছে৷