নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ৰ পূর্বে শিক্ষা–আৰক্ষী স্বাস্থ্য বিভাগত ৪৬ হাজাৰ নিযুক্তি

দুলীয়াজানত সংবাদ মেলত মুখ্যমন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ  অহা ১০ মে’ৰ পূর্বে ৰাজ্য চৰকাৰে শিক্ষা, আৰক্ষী, স্বাস্থ্য বিভাগত ৪৬ হাজাৰক নিযুক্তি দিব৷ আজি দুলীয়াজানত এখন সংবাদ মেলত এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীত কমাণ্ডো বেটেলিয়নৰ ৫ হাজাৰটা পদ সৃষ্টি কৰা হৈছে৷ তদুপৰি বিভাগটোত প্রায় ১১ হাজাৰটা পদ খালী আছে৷ অহা ১০ মে’ৰ পূর্বেই এই ১৬ হাজাৰ পদত নিযুক্তি দিয়া হ’ব৷ তদুপৰি অহা ১–২ৰ মে’ৰ ভিতৰত শিক্ষা বিভাগত ২৫ হাজাৰ আৰু স্বাস্থ্য বিভাগত ৫ হাজাৰ পদত নিযুক্তি দিয়া হ’ব৷ সেইদৰে চলিত ২০২২ চনৰ ভিতৰতেই চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্রদেশৰে সীমা বিবাদ নিষ্পত্তি হ’ব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মেঘালয় আৰু অৰুণাচল প্রদেশৰে অসমৰ সীমা বিবাদ অতি সামান্য৷ ইতিমধ্যে সেই বিবাদ প্রায় নিষ্পত্তি হোৱাৰ দিশে আগবাঢ়িছে৷ নাগালেণ্ডৰে সীমা বিবাদৰ বিষয়টো বর্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷

মিজোৰামৰে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রতো অগ্রসৰ হোৱা হৈছে৷ অৱশ্যে নাগালেণ্ড আৰু মিজোৰামৰে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত কিছু সময়ৰ প্রয়োজন হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ ইপিনে, অহা ১ ফেব্রুৱাৰীৰ পৰা পি এছ অ’ৰ সংখ্যা ৫০ শতাংশলৈ হ্রাস পাব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান অসম আৰক্ষীৰ ৪,৮০০জন জোৱান পি এছ অ’ হিচাপে আছে৷ অর্থাৎ প্রায় ৫টা বেটেলিয়নৰ জোৱান পি এছ অ’ৰ কামত নিয়োজিত হৈ আছে৷ এজন ৰাজনৈতিক ব্যক্তিৰ লগত ৫জন পি এছ অ’ জোৱান থাকিলে মাহেকত প্রায় চৰকাৰৰ তিনি লাখ টকা ব্যয় হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এজন পি এছ অ’ক মাহেকত নিয়মিত ৰূপত প্রায় ৬০ হাজাৰ টকাকৈ চৰকাৰে দৰমহাৰ বাবদ দিব লাগে৷ অহা ১ ফেব্রুৱাৰীৰ পৰা ৰাজ্যখনত পি এছ অ’ৰ সংখ্যা ৪,৮০০জনৰ পৰা ৫০ শতাংশ হ্রাস কৰি ২,৪০০জন কৰা হ’ব৷

মন্ত্রী, সাংবিধানিক পদবীত থকাসকলে কিমানসংখ্যক পি এছ অ’ পাব, সেয়া চৰকাৰে নির্ধাৰণ কৰাৰ লগতে জীৱনৰ প্রতি ভাবুকি থকা লোকসকলৰ ক্ষেত্রত পর্যালোচনা কৰি চৰকাৰে সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু জানিবলৈ দিয়া মতে, মুখ্যমন্ত্রীৰ কনভয়ত বর্তমান ২২খন গাড়ী থাকে৷ এতিয়াৰে পৰা গুৱাহাটীত মুখ্যমন্ত্রীৰ কনভয়ৰ লগত ৮খনহে গাড়ী থাকিব৷ কনভয়ৰ ভিতৰত আৰক্ষীৰ গাড়ী চাৰি–পাঁচখন থাকিব৷ অৱশ্যে গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্রী আহিলে নিয়ম অনুসৰি সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্রী, আৰক্ষী অধীক্ষক, উপায়ুক্ত যিহেতু থকাটো নিয়ম, সেয়ে তাত কনভয়ত গাড়ীৰ সংখ্যা স্বাভাৱিকতে কিছু বৃদ্ধি পাব৷

ইফালে, কালিৰে পৰা দুদিনীয়া কার্যসূচীৰে দুলীয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনৰ বিষয়ে জানিবলৈ দি সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অত্যাধুনিক প্রযুক্তিৰ ব্যৱহাৰ, অপৰাধ অনুসন্ধান আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত পর্যালোচনা কৰা হৈছে৷ কালি অনুষ্ঠিত প্রথমখন সন্মিলন আজি কাহিলিপুৱা ৪.৩০ বজাত সামৰণি পৰে৷ সন্মিলনখনত হোৱা পর্যালোচনা অনুসৰি অসম আৰক্ষীয়ে যোৱা বছৰটোত পঞ্জীয়ন হোৱা গোচৰতকৈ অধিক গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে৷ ১৯৯২ চনত পঞ্জীয়ন হোৱা গোচৰ যোৱা বছৰটোত নিষ্পত্তি কৰা হৈছে৷ এয়া অসম আৰক্ষীৰ বাবে ইতিবাচক খবৰ৷ তদুপৰি গোচৰ নিষ্পত্তিৰ লগতে কিমান অপৰাধীয়ে শাস্তি পালে, সেয়াও সন্মিলনখনত পর্যালোচনা কৰা হয়৷ যোৱা বছৰটোত ৰাজ্যখনত শাস্তি পোৱা লোকৰ হাৰ ৮ শতাংশ৷ বাকীসকল নিৰপৰাধী বুলি মুক্তি লাভ কৰিছে৷ হয়তো প্রাৰম্ভিক এজাহাৰৰ ভুল বা তদন্তৰ ভুলৰ বাবেই বহুতেই নিৰপৰাধী হিচাপে মুক্তি লাভ কৰিছে৷ সেয়ে সন্মিলনখনত তেওঁ আৰক্ষী অধীক্ষকসকলক এইবাৰ শাস্তি পোৱা লোকৰ হাৰ ১৫ শতাংশলৈ বৃদ্ধিৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে৷ দেশত শাস্তি পোৱা লোকৰ হাৰ ৪৫ শতাংশ৷ লাহে লাহে অসম আৰক্ষীকো এইক্ষেত্রত ৰাষ্ট্রীয় হাৰ স্পর্শ কৰাৰ দিশত অগ্রসৰ হোৱাৰ নির্দেশ দিছে৷

এই প্রসংগতে তেওঁ কেতিয়াবা চৰকাৰী অধিবক্তাই আদালতত হাজিৰ নোহোৱা, কেতিয়াবা প’ষ্টমর্টেম ৰিপ’ট আদালত নোপোৱাৰ বাবেই তেনেদৰে বহুতেই সাৰি যোৱা বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ সন্মিলনখনত মুখ্যমন্ত্রী ড০ শর্মাই ড্রাগ্ছৰ বিৰুদ্ধে চলা অভিযান, মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ, সংঘবদ্ধ অপৰাধ, গৰু–সোণ–কয়লা–ছুপ্ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে যোৱা ৮ মাহত চলা অভিযান সন্দর্ভতো বিস্তৃত পর্যালোচনা কৰে৷ সেই পর্যালোচনাত যিসকল অপৰাধীক গ্রেপ্তাৰ কৰা হৈছিল, তেওঁলোক এতিয়া কি পর্যায়ত আছে, জামিন পালে নেকি, আদালতত চার্জশ্বীট দাখিল কৰা হ’ল নেকি, সেই সন্দর্ভত বিস্তৃত আলোচনা কৰে৷ বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলক আপোচবিহীনভাৱে ড্রাগ্ছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিবলৈ নির্দেশ দিয়ে৷ মহিলা, শিশুৰ বিৰুদ্ধে চলা অপৰাধৰ লগতে সংঘবদ্ধ অপৰাধ নির্মূলৰ ক্ষেত্রতো আৰক্ষীক সমান্তৰালভাৱে অভিযান অব্যাহত ৰখাৰ নির্দেশ দিয়ে৷ একে সময়তে থানালৈ অহা লোকক হাৰাশাস্তি নকৰাৰ নির্দেশ দিয়ে৷ ৰাষ্ট্রীয় সম্পদ সুৰক্ষাৰ ক্ষেত্রতো আৰক্ষীক কাম কৰিবলৈ কঠোৰ নির্দেশ দিয়ে৷

সেইদৰে যুদ্ধবিৰতিত থকা সশস্ত্র সংগঠনৰ সদস্যসকলক পুনৰ সংস্থাপনৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে৷ প্রযুক্তিৰ ব্যৱহাৰেৰে আৰক্ষীৰ কাম–কাজ ক্ষিপ্রতৰ কৰাৰ বাবেও সন্মিলনখনত মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ আজি দিনৰ ভাগত আৰক্ষীৰ আন্তঃগাঁথনি সম্পর্কত পর্যালোচনা অনুষ্ঠিত কৰা হয়৷ এইবাৰ অসম আৰক্ষীৰ আন্তঃগাঁথনিৰ বাবে চৰকাৰে ২,৫০০ কোটি টকা খৰচ কৰাৰ লগতে ৩৫৮খন থানাত নতুন গাড়ী যোগান ধৰা হ’ব বুলি প্রকাশ কৰে৷ যোৱা ৮ মাহত অসম আৰক্ষীয়ে সফলতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে বুলি প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সময়ছোৱাত আৰক্ষীয়ে চাকৰি প্রার্থীৰ পুলিচ ভেৰিফিকেচন, পাছপ’ট ভেৰিফিকেচন এমাহৰ ভিতৰতে দিয়াৰ লগতে ৫৫ হাজাৰ লোকক দুর্ঘটনাৰ ৰিপ’ট ঘৰত দি থৈ আহিছে৷ আৰক্ষী অধীক্ষক সন্মিলনখনত মুখ্যমন্ত্রী ড০ শর্মাই বর্তমান আনৰ বেংক একাউণ্টৰ পৰা চাইবাৰ ক্রাইমযোগে ধন লুটৰ ঘটনা সংঘটিত হোৱাৰ বিষয়টো উনুকিয়াই এই অপৰাধ নির্মূলৰ ক্ষেত্রতো আৰক্ষীক পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷

ইফালে, ২০১৩ চনৰ আৰম্ভণিতে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধ আঁচনিৰ আবণ্টিত বৃহৎ পুঁজিৰে দুলীয়াজান ৰে’লৱে ষ্টেচনৰ পৰা টিপলিংপর্যন্ত ৪.৫৯৫ কিলোমিটাৰ ৰাজপথৰ কাম আৰম্ভ হয়৷ উক্ত পথছোৱা নির্মাণৰ বাবে অইল ইণ্ডিয়াই ২৫ কোটি টকা ধার্য কৰি ১৮ মাহৰ ভিতৰত নির্মাণকার্য সম্পূর্ণ কৰাৰ বাবে অসম চৰকাৰৰ লোকনির্মাণ বিভাগৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ কিন্তু ৭টা বছৰে কামটো সম্পূর্ণ কৰিব নোৱাৰাত ২০২০ চনত অসম চৰকাৰৰ এছ অ’ পি ডিৰ অধীনত ৩.৪৮ কোটি টকাৰ পুঁজি মোকলাই দিয়ে৷ তৎসত্ত্বেও পথছোৱাৰ নির্মাণকার্য সম্পূর্ণ নহ’ল৷ আজি দুলীয়াজানৰ সাংবাদিকৰ অনুৰোধমর্মে মুখ্যমন্ত্রী ড০ শর্মাই অহা ১৫ দিনৰ ভিতৰত পথছোৱাৰ নির্মাণ সম্পূর্ণ কৰাৰ আশ্বাস প্রদান কৰে৷ সেইদৰে ২০১৪ চনত অসম চৰকাৰৰ নিয়োগ আৰু হস্তশিল্প সঞ্চালকালয়ে প্রায় চাৰি কোটি টকাৰ পুঁজিৰে দুলীয়াজান কছাৰী পথাৰস্থিত ঔদ্যোগিক কাৰিকৰী প্রশিক্ষণ প্রতিষ্ঠানখন নির্মাণৰ কাম হাতত লয়৷ কিন্তু আজিও সম্পূর্ণ হৈ নুঠিল৷ মুখ্যমন্ত্রী ড০ শর্মাই এই নির্মাণকার্য অচিৰেই সম্পূর্ণ কৰাৰ আশ্বাস দিয়ে৷ একেদৰে বৃহত্তৰ দুলীয়াজান আৰু কাষৰীয়া অঞ্চলক সামৰি অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত অইল হাস্পতালখনে উন্নত প্রযুক্তিবিদ্যাৰ চিকিৎসা ব্যৱস্থাৰে এখন ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ উন্নীত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ সৈতে আলোচনা কৰা বুলি সদৰী কৰে৷

You might also like