নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত ধৰা পৰিল অসমৰ প্রথমজন অমিক্রন আক্রান্ত

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ বিশ্বক ত্রাসিত কৰি ৰখা ক’ভিড–১৯ৰ নতুন ভেৰিয়েণ্ট অমিক্রনত আক্রান্ত লোক ধৰা পৰিল মেঘালয়ত৷ মেঘালয়ত আক্রান্ত ৫জনৰ ভিতৰত এজন অসমৰ৷ ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জেমছ চাংমাই সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি, ৰাজ্যখনত মুঠ ৫জন ব্যক্তিৰ শৰীৰত পোৱা গৈছে এই মাৰাত্মক ভেৰিয়েণ্ট৷ ইয়াৰে ইষ্ট খাছী হিলছৰ এজন ব্যক্তি৷ এইগৰাকী অমিক্রন আক্রান্ত ব্যক্তি উভতি আহিছিল নিউয়র্কৰ পৰা৷ তদুপৰি এজন দিল্লীৰ পৰা উভতি অহা আৰু অসমৰ এজন পর্যটকো আক্রান্ত হোৱা বুলি তেওঁ সদৰী কৰিছে৷ অৱশ্যে মেঘালয়ত কৰা জেনম পৰীক্ষাত অমিক্রনৰ সংক্রমণ ঘটা বুলি নিশ্চিত হোৱা অসমৰ এই ব্যক্তিজন কোন স্থানৰ বাসিন্দা অথবা তেওঁৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই৷ মেঘালয়ত আক্রান্ত আন দুজন লোক ৰিভ’ই জিলাৰ ছেইডেন গাঁৱৰ৷

সংবাদ প্রতিষ্ঠান ইউ এন আইক স্বাস্থ্যমন্ত্রী জেমছে সদৰী কৰা অনুসৰি, অমিক্রনত আক্রান্ত আটাইকেইজন ৰোগীয়েই লক্ষণবিহীন৷ সম্প্রতি তেওঁলোক হোম আইছ’লেচনত আছে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যে কিছুদিন পূর্বে মণিপুৰত অমিক্রনত প্রথমজন উত্তৰ–পূর্বাঞ্চলৰ আক্রান্ত ব্যক্তি চিনাক্ত হৈছিল৷ দক্ষিণ আফ্রিকাৰ এখন দেশ ভ্রমণ কৰি অহা মণিপুৰৰ ব্যক্তিজনৰ শৰীৰত অমিক্রনৰ সংক্রমণ ধৰা পৰাৰ পিছতে সমগ্র উত্তৰ–পূর্বাঞ্চলতে এক শংকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ দেশজুৰি ক্রমাৎ অমিক্রনত আক্রান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি মেঘালয়ত প্রৱেশ কৰাৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে৷ কাইলৈৰ পৰা কার্যকৰী হ’বলগীয়া নতুন নিয়ম অনুসৰি আৰ টি পি চি আৰ পৰীক্ষা অবিহনে কোনো ব্যক্তি প্রৱেশ কৰিব নোৱাৰিব মেঘালয়ত৷ ইয়াৰ মাজতে আজি ৰাজ্যখনত ৫জনকৈ ব্যক্তিৰ শৰীৰত অমিক্রনৰ সংক্রমণ ধৰা পৰাৰ পিছত স্বাভাৱিকতেই ৰাজ্যখনৰ লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ এই আক্রান্তসকলৰ ভিতৰত চাৰিজন পুৰুষ আৰু এগৰাকী মহিলাও আছে৷ ৰিভ’ই জিলাৰ দুই আক্রান্তৰ নাছিল কোনো ভ্রমণ বৃত্তান্ত৷ অৱশ্যে ৰাজ্যখনৰ একাংশ বিষয়াই প্রকাশ কৰা অনুসৰি আক্রান্তসকলৰ অধিকাংশই ইতিমধ্যে ৪ৰ পৰা ৮ দিন পর্যন্ত আইছ’লেচন সম্পূর্ণ কৰিছে৷ এই লোকসকলৰ সংস্পর্শলৈ অহা ব্যক্তিৰ পৰীক্ষাও অব্যাহত ৰাখিছে মেঘালয় চৰকাৰে৷

You might also like