নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজ আঁকোৰগোজ নিপিন্ধে মাস্ক

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ক’ভিডৰ অত্যন্ত সংক্রামক ভেৰিয়েণ্ট অমিক্রনৰ দ্রুতগতিত বৃদ্ধি পোৱা সংক্রমণক লৈ দেশজুৰি অৱলম্বন কৰা হৈছে ব্যাপক সতর্কতা৷ অমিক্রনত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্য চৰকাৰসমূহক কঠোৰভাৱে সমগ্র পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে৷ সমান্তৰালভাৱে বিভিন্ন ৰাজ্যই নিজাববীয়াকৈ জাৰি কৰিছে কেতবোৰ নীতি–নির্দেশনা৷ কিন্তু ইয়াৰ এক সম্পূর্ণ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে ৰাজ্যত৷ সংক্রামক নতুন ক’ভিড ভেৰিয়েণ্টৰ ফলত সৃষ্টি হ’ব পৰা ভয়াৱহ পৰিস্থিতিৰ আশংকাকো যেন কেৰেপ নকৰে ৰাজ্যবাসীয়ে৷ ইয়াৰ সমান্তৰালভাৱে চৰকাৰে জাৰি কৰা এছ’পি সীমাবদ্ধ আছে কেৱল কাগজৰ পাতত৷ নতুন এছ’পি বলৱতক লৈ নিষ্ক্রিয় ভূমিকা পালন কৰি আহিছে আৰক্ষী–প্রশাসনে৷ যাৰ সুযোগ লৈ বেপৰোৱা মনোভাবেৰে ৰাজ্যবাসীয়ে ভৰিৰে মোহাৰি আহিছে চৰকাৰৰ এছ’পি, ক’ভিড প্রট’কল৷ বিশেষজ্ঞসকলে অমিক্রনৰ দৰে সংক্রামক ভেৰিয়েণ্টৰ পৰা বাচিবলৈ বাৰম্বাৰ প্রকাশ কৰি অহা সকীয়নিকো নস্যাৎ কৰি ৰাজ্যবাসীয়ে মাস্ক পৰিধান নকৰো বুলি যেন একপ্রকাৰ আঁকোৰগোজ স্থিতি লৈছে৷

সমান্তৰালভাৱে ৰাজ্যবাসীয়ে পাহৰি পেলাইছে সামাজিক দূৰত্ব মানি চলাৰ নিয়মো৷ বর্তমান বলৱৎ হৈ থকা এছ’পি অনুসৰি সামূহিক স্থানত মাস্ক পৰিধান নকৰিলে এহেজাৰ টকাৰ জৰিমনা বিহা হ’ব বুলিও চৰকাৰে কঠোৰ নির্দেশনা জাৰি কৰিছে৷ কিন্তু আৰক্ষী–প্রশাসনৰ সন্মুখতেই দৈনিক মাস্ক পৰিধান নকৰাকৈ বজাৰ–সমাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয়, সভা–সমিতিলৈ ওলাই আহিছে সাধাৰণ লোক৷ কিন্তু কোনো ব্যৱস্থা আজিৰ দিনটোত আৰক্ষী–প্রশাসনৰ ফালৰ পৰা এই ক’ভিড প্রট’কল ভংগকাৰীসকলৰ বিৰুদ্ধে লোৱা পৰিলক্ষিত হোৱা নাই৷ যাৰ বাবেই শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ৷ ২৪ ঘণ্টাতে ৰাজ্যত দুগুণলৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ৷ এতিয়ালৈ ৰাজ্যত অমিক্রনত কোনো লোক আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ অহা নাই যদিও যোৱা তিনি জানুৱাৰীত ৩৫১জনলৈ বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা৷ ২ জানুৱাৰীত ৰাজ্যত ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা আছিল ১৫৬জন৷ যোৱা ৭ দিনত ক্রমাগতভাৱে ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধিৰ তথ্যও পোহৰলৈ আহিছে৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা ২৮ ডিচেম্বৰত ১২০জন, ২৯ ডিচেম্বৰত ১১৫জন, ৩০ ডিচেম্বৰত ১০১জন, ৩১ ডিচেম্বৰত ১৯২জন আৰু ১ জানুৱাৰীত ১৫০জন লোক ক’ভিডত আক্রান্ত হৈছে৷ যোৱা ২৮ ডিচেম্বৰৰ পৰা কালিপর্যন্ত এই সময়ছোৱাত ক’ভিড আক্রান্তৰ সর্বনিম্ন হাৰ আছিল ০.৩৮ শতাংশ৷ কিন্তু ৩ জানুৱাৰীত আক্রান্তৰ হাৰ ০.৯৬ শতাংশলৈ বৃদ্ধি পাইছে৷ ইপিনে, আজি ক’ভিডৰ সংক্রমণৰ হাৰ ১.২৯ শতাংশলৈ বৃদ্ধি পাইছে৷ মঙলবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ৪৭৫জন লোক৷ ইয়াৰে ১৯০জন কামৰূপ (ম)ৰ৷ সমান্তৰালভাৱে আজি ক’ভিডত মৃত্যু ঘটিছে ৩জন লোকৰ৷ এই একেই সময়ছোৱাত সর্বাধিক আক্রান্তৰ হাৰ গুৱাহাটী মহানগৰীতেই বৃদ্ধি পাইছে৷ ইপিনে, আকস্মিকভাৱে ক’ভিডত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে আজি এক বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত৷ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে প্রায় দুঘণ্টাজোৰা বৈঠকৰ অন্তত মহন্তই কয় যে কিয় হঠাৎ ক’ভিডৰ সংক্রমণ বাঢ়িছে সেয়া পর্যালোচনা কৰা হৈছে৷ এই প্রসংগতে তেওঁ কয়– ‘চিকিৎসালয়সমূহত ক’ভিড পৰীক্ষা অব্যাহত আছে৷ কালি জি এম চি এইচত আমি ক’ভিড টেষ্ট কৰিছিলোঁ যদিও এজনো ৰোগী পোৱা নাছিলোঁ৷ সেয়েহে আমি এই ৰোগীসমূহ ক’ত আক্রান্ত হৈছে সেয়া চালিজাৰি চাইছোঁ৷ কিছুসংখ্যক গ্রামাঞ্চলত ক’ভিড আক্রান্তৰ সংস্পর্শলৈ আহি ক’ভিড পজিটিভ হৈছে৷ তদুপৰি বাহিৰৰ পৰা অহা লোকসকলৰ ওপৰত আমি অধিক গুৰুত্ব আৰোপ কৰিছোঁ৷

বিশেষকৈ আন্তঃৰাষ্ট্রীয় ভ্রমণ কৰি অহা লোকসকলৰ টেষ্টৰ ফলাফল নিগেটিভ আহিলেও তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে৷ যিসকলৰ পজিটিভ ওলাইছে, তেওঁলোকৰ নমুনাসমূহ জেন’মি পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে৷’ অৱশ্যে অমিক্রন ভেৰিয়েণ্টৰ পৰা শংকিত হ’বলগীয়া নাই বুলি উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে এইবাৰ শংকিত হোৱাতকৈ ৰাইজ অধিক সতর্ক হ’ব লাগিব৷ অমিক্রন, ডেল্টাতকৈ কম মাৰাত্মক৷ কিন্তু ই ডেল্টা ভেৰিয়েণ্টতকৈ তিনি–চাৰি গুণ অধিক সংক্রামক৷ ইপিনে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই সংবাদ মাধ্যমৰ সন্মুখত প্রতিক্রিয়া প্রকাশ কৰি ৰাইজক সজাগ আৰু সতর্ক হ’বলৈ আহ্বান জনাইছে৷ বিশেষকৈ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ অনুৰোধ জনাই তেওঁ কয় যে অমিক্রন ভেৰিয়েণ্ট দ্রুতগতিত বিয়পি পৰে৷ সম্প্রতি হাস্পতালখনত ৬৭জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ৭জন আইচিইউত আছে বুলি তেওঁ সদৰী কৰে৷ লক্ষণীয় যে ৰাজ্যজুৰি ক’ভিড সংক্রমণ বৃদ্ধি পোৱাৰ সময়তে এছ’পি বলৱতক লৈ ৰাজ্য প্রশাসনে কৰা হেমাহিত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত৷ আনকি ৰাজ্য চৰকাৰে কেৱল নিয়ম অনুসাৰেহে এই এছ’পিসমূহ জাৰি কৰে নেকি বুলিও প্রশ্ণ উত্থাপন হৈছে একাংশ সাধাৰণ ৰাইজৰ মাজত৷ দুর্গাপূজা, ষট্পূজা, নৱবর্ষকে ধৰি বিভিন্ন উৎসৱ–পার্বণ উদ্যাপনৰ নীতি–নির্দেশনা নির্ধাৰণ কৰি কেইবাখনো বিশেষ এছ’পি জাৰি কৰাৰ উপৰি সামগ্রিকভাৱে ৰাজ্যত বলৱৎ হোৱাকৈ এখন সাধাৰণ এছ’পি বর্তমানেও বলৱৎ হৈ আছে৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে যোৱা ২৫ ডিচেম্বৰত জাৰি কৰিছিল অন্তিমখন এছ’পি৷ এই এছ’পি অনুসৰি ৰাজ্যত সান্ধ্য আইনৰ সময় হৈছে নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ৷ তদুপৰি বর্তমান দোকান–পোহাৰ, অফিচ–কাছাৰী আদি নিশা ১০ বজাপর্যন্ত খোলাৰ অনুমতি প্রদান কৰা হৈছে৷ সেইদৰে ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহত ১০.৩০ বজালৈকেহে খোৱাৰ অনুমতি প্রদান কৰা হৈছে এই এছ’পিৰ জৰিয়তে৷

লক্ষণীয়ভাৱে ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহে এইক্ষেত্রত ৫০ শতাংশ আসনতহে গ্রাহকক খাদ্য যোগানৰ অনুমতি প্রদান কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে ৰেষ্টুৰেণ্টসমূহত এনে কোনো নীতি–নির্দেশনা বর্তমান পালন কৰা পৰিলক্ষিত হোৱা নাই৷ বহু স্থানত নিশা ১০.৩০ বজাৰ পিছতো দোকান–পোহাৰ আদি খোলাৰ যথেষ্ট উদাহৰণ আছে৷ সেইদৰে সান্ধ্য আইনৰ নিয়ম অনুসৰি ইয়াৰ সময় আৰম্ভ হোৱাৰ লগে লগে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰে অথবা কোনো বাহন ৰাজপথত চলাচল কৰিব নোৱাৰে৷ কিন্তু ৰাজ্যৰ ৰাজপথসমূহত ইয়াৰ সম্পূর্ণ ওলোটা এখন ছবিহে দেখা পোৱা গৈছে৷ নিশা ১০.৩০ বজাৰ পিছতো ৰাজপথ ভৰি থাকে বাহনেৰে৷ এইক্ষেত্রত চোৱা–চিতা কৰিবলৈ ক’তো কোনো ব্যৱস্থা ৰখা নাই আৰক্ষী–প্রশাসনে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২৫ ডিচেম্বৰৰ পূর্বে যোৱা ২৭ অক্টোবৰত আন এখন এছ’পি চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছিল, য’ত সান্ধ্য আইনৰ সময় আছিল নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ৷ তদুপৰি দোকান–পোহাৰ, কার্যালয় আদি খোলাৰ সময় আছিল ১০ বজালৈ৷ কিন্তু কি কাৰণত দেশৰ ভিন্ন প্রান্তত অমিক্রনৰ সংক্রমণ পোহৰলৈ অহাৰ সময়ত ৰাজ্য চৰকাৰে যোৱা ২৫ ডিচেম্বৰৰ এছ’পিত সান্ধ্য আইনৰ সময় বৃদ্ধি কৰাৰ পৰিৱর্তে নিশা ১১.৩০ বজালৈ পিছুৱাই দিলে, তাক লৈও আৰম্ভ হৈছে চর্চা৷ ইপিনে, ৰাজ্য চৰকাৰৰ বর্তমান বলৱৎ হৈ থকা এছ’পিত আন কেতবোৰ নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ সেই অনুসৰি বন্ধ স্থান অথবা প্রেক্ষাগৃহ আদিত অনুষ্ঠিত সভা–সমিতিত ৫০ শতাংশ আসনেৰেহে অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হৈছে৷ কিন্তু বিভিন্ন প্রেক্ষাগৃহত সময়ে সময়ে কেতবোৰ অনুষ্ঠান–প্রতিষ্ঠানে ৫০ শতাংশতকৈও অধিক আসনেৰে অনুষ্ঠিত কৰি আহিছে বিভিন্ন সমাৰোহ, সভা–সমিতি আদি৷

একেদৰে বিবাহ অনুষ্ঠানত সর্বাধিক ২০০জন অতিথিৰ অংশগ্রহণৰহে অনুমতি দিছে ৰাজ্য চৰকাৰে৷ কিন্তু বিবাহ অনুষ্ঠানসমূহত এই নীতি–নিয়ম কোনেও মানি চলা পৰিলক্ষিত হোৱা নাই৷ সেইদৰে ৰাজ্যৰ সাপ্তাহিক হাট–বজাৰসমূহ ছিফট হিচাপত বহিবলৈ অনুমতি দিছে সম্প্রতি বলৱৎ হৈ থকা এছ’পিৰ জৰিয়তে৷ এটা ছিফটত সর্বাধিক ৬ ঘণ্টাপর্যন্তহে এই বজাৰসমূহ বহিবলৈ অনুমতি দিয়া হৈছে৷ কিন্তু কিমান ঘণ্টা এই সাপ্তাহিক বজাৰসমূহ বহিছে, তাৰ হিচাপ ৰখাৰ কোনো ব্যৱস্থা গ্রহণ কৰা নাই প্রশাসনে৷ এই একেখন এছ’পিতে অমিক্রন সন্দর্ভত কেতবোৰ বিশেষ নির্দেশনাও প্রকাশ কৰিছে ৰাজ্য চৰকাৰে৷ সেই অনুসৰি ক’ভিড প্রট’কল মানি চলাৰ ক্ষেত্রত সংশ্লিষ্ট জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসকল দায়বদ্ধ হ’ব৷ মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা, ছেনিটাইজাৰৰ ব্যৱহাৰ, দোকানসমূহত স্বাস্থ্যসন্মত বিধিসমূহ মানি চলা আদি কার্যকৰী কৰাৰ ক্ষেত্রতো উক্ত বিষয়াসকল দায়বদ্ধ বুলি উল্লেখ কৰা হৈছে৷ ৰাজহুৱা স্থানসমূহত ক’ভিড প্রট’কল কঠোৰভাৱে বলৱৎ কৰাৰ বাবে আৰক্ষী নিয়োগ কৰিবলৈও জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক এই এছ’পিৰ জৰিয়তে নির্দেশ দিছে চৰকাৰে৷ বাস্তৱত এই নির্দেশনাও কার্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই৷ আন নালাগে ৰাজধানী চহৰ গুৱাহাটীতে দৈনিক আৰক্ষীৰ সন্মুখত মহানগৰবাসীয়ে ভংগ কৰি আহিছে ক’ভিড প্রট’কল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইতিমধ্যে দিল্লী, মহাৰাষ্ট্র, কলকাতাকে ধৰি বিভিন্ন ৰাজ্যত অমিক্রনত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে সামগ্রিকভাৱে দেশজুৰি ক’ভিড আক্রান্তৰ সংখ্যাই ৩০ হাজাৰ অতিক্রম কৰিছে৷ এনে সময়ত ৰাজ্যবাসীৰ এনে বেপৰোৱা ব্যৱহাৰে ৰাজ্যৰ জনজীৱনলৈ পুনৰ অশনি সংকেত মাতি অনাটো নিশ্চিত হৈছে৷

You might also like