নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীৰ পূর্বেই বৃদ্ধি হ’ব মৰগীয়া বানচ

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  দীপাৱলীৰ পূর্বে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ বাবে আহিব আন এক সুখবৰ৷ পূজাৰ বতৰত ইতিমধ্যে কেন্দ্রীয় চৰকাৰে কর্মচাৰীসকলৰ বাবে এল টি চি ভাউচাৰ আঁচনি আৰু ফেষ্টিভেল এডভান্সড আঁচনি ঘোষণা কৰি উৎসাহিত কৰাৰ পাছত এইবাৰ মৰগীয়া বানচ বৃদ্ধি কৰিব৷ ক’ভিড–১৯ সৃষ্ট পৰিৱেশৰ বাবে দেশৰ অর্থনীতি জটিলতাৰ মাজেৰে চলি থকাৰ পাছতো কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধিৰে দৰমহা বৃদ্ধিৰ পৰিকল্পনা সাজু কৰিছে৷ কেন্দ্রীয় চৰকাৰে কনজিউমাৰ প্রাইচ ইনডেস্ক (চি পি আই)–ইণ্ডাষ্ট্রিয়েল ৱর্কার্ছৰ (আই ডব্লিউ) ভিত্তিবর্ষ সলনি কৰিব৷ এই ভিত্তিবর্ষ সলনি কৰিলে ৪৫ লাখতকৈও অধিক কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী, পেন্সনাৰ আৰু ঔদ্যোগিক কর্মীৰ দৰমহা বৃদ্ধি পাব৷ তথ্য মতে, চি পি আই–আই ডব্লিউৰ ভিত্তিবর্ষ ২০০১ৰ পৰা সলনি কৰি ২০১৬ কৰিব৷ অর্থাৎ কর্মচাৰীসকলে ২০১৬ চনৰ ভিত্তিবর্ষ হিচাপে মৰগীয়া বানচ লাভ কৰিব৷ উল্লেখ্য যে অর্থনীতিৰ আধাৰত গড় মূল্য পর্যায়ৰ পৰিমাণেই হৈছে চি পি আই৷ অর্থাৎ অর্থনীতিক লৈ গড় মূল্য পর্যায় বৃদ্ধি কৰিলে চি পি আই বৃদ্ধি হ’ব আৰু ইয়াৰ পাছতেই বৃদ্ধি পাব মৰগীয়া বানচ৷ বর্তমান কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে ১৭ শতাংশ হাৰত মৰগীয়া বানচ লাভ কৰি আছে৷ কেন্দ্রীয় চৰকাৰে অহা ২১ অক্টোবৰত চি পি আইৰ ভিত্তিবর্ষ বৃদ্ধি কৰিলে গতানুগতিকভাৱে মৰগীয়া বানচৰ শতাংশও বৃদ্ধি পাব৷ পৰিকল্পনা মতে, সকলো ঠিকে–ঠাকে চলিলে দীপাৱলীৰ পূর্বে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি হ’ব, বৃদ্ধি পাব দৰমহা৷

You might also like