নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ নদীবান্ধে বিপদ মাতিছে পৃথিৱীৰ চুম্বকীয় ক্ষেত্রলৈ

🔹 হার্ভার্ড বিশ্ববিঃৰ গৱেষণাত উদ্বেগজনক তথ্য

🔹 সাগৰ–মহাসাগৰৰ বুকুত দিকভ্ৰান্ত হৈ পৰিব জাহাজ : বিমানচালকৰ নেভিগেচনত অকস্মাতে হ’ব পাৰে মাৰাত্মক ভুল : গুগল মেপেৰে পথ নির্ণয়ত সৃষ্টি হ’ব জটিলতা

‘নিয়মীয়া বার্তা’ৰ প্রতিবেদন, ২৮ জুলাই : একবিংশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যা তথা বিশ্বায়নৰ যুগত সকলোতে পৰিৱর্তন পৰিলক্ষিত হৈছে৷ পৰিৱেশ–প্রকৃতি–জলবায়ু– মানৱ সভ্যতাৰ উন্নয়নত বিৰূপ প্রভাৱ পৰিছে সর্বত্র৷ যাৰ ফল জীৱজগতে ভুগিছে৷ ইয়াৰ মাজতে বিশ্বৰ প্রখ্যাত উচ্চ শিক্ষানুষ্ঠান হার্ভার্ড বিশ্ববিদ্যালয়ে নদীবান্ধক লৈ কৰা গৱেষণাত উন্মোচিত হৈছে এক অনাকাংক্ষিত বিস্ফোৰক তথ্য৷

গৱেষণাটোত প্রকাশ পোৱা অনুসৰি, বিভিন্ন দেশত বোৱঁতী নৈৰ সোঁতত ভেটি নির্মাণ কৰা ‘জলবোমা’ই পৃথিৱীৰ চুম্বকীয় ক্ষেত্রলৈ বিপদ কঢ়িয়াই আনিছে৷ একমাত্র নদীবান্ধসমূহৰ বাবেই সঘনে পৰিৱর্তন হৈছে পৃথিৱীৰ উত্তৰ চুম্বকীয় মেৰুৰ অৱস্থান৷ অৱশ্যে চুম্বকীয় মেৰুত সময়ে সময়ে অল্পবিস্তৰ হেৰফেৰ হোৱাটো স্বাভাৱিক৷ ইয়াৰ বিভিন্ন কাৰণ আছে৷ কিন্তু হার্ভার্ড বিশ্ববিদ্যালয়ৰ নতুন গৱেষণাটোত কোৱা হৈছে যে পৃথিৱীৰ চুম্বকীয় মেৰুৰ গতি–বিধিৰ সঘন পৰিৱর্তনৰ কাৰণে মূলতঃ দায়ী নদীবান্ধসমূহ৷

প্রখ্যাত উচ্চ শিক্ষানুষ্ঠানখনৰ ভূ–পদার্থ বিজ্ঞানী নাটাশা ভ্যালেন্সিক আৰু তেওঁৰ সহকর্মীসকলে দাবী কৰা মতে, বিশ্বৰ আটাইতকৈ বৃহৎ ৭ হাজাৰটা নদীবান্ধৰ জৰিয়তে যিমান পৰিমাণৰ পানী আবদ্ধ কৰি ৰখা হৈছে, তাৰ বৃহৎ পৰিমাণৰ ঘনীভূত ভৰে ভূত্বক (ক্রাষ্ট)ৰ ঘূর্ণন অক্ষক (কোৰ তথা মেণ্টল) চুম্বক ক্ষেত্রৰ তুলনাত প্রায় এক মিটাৰ আঁতৰাই নিছে৷ এই বৃহৎ পৰিমাণৰ পানী ধৰি ৰখাৰ ফলত কেৱল যে চুম্বক ক্ষেত্রৰেই পৰিৱর্তন হৈছে তেনে নহয়৷ বৰং বিশ্বৰ সমুদ্রপৃষ্ঠ এক ধাক্কাতেই ২১ মিলিমিটাৰ তললৈ নামি গৈছে৷

মন কৰিবলগীয়া যে বিশ্বৰ অন্যান্য দেশৰ দৰে ভাৰতৰো বিভিন্ন ৰাজ্যত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ নির্মাণ কৰা হৈছে ইটোৰ পিছত সিটো দৈত্যকায় নদীবান্ধ৷ গেৰুকামুখত দুহাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশত কেইবাটাও বৃহৎ নদীবান্ধ নির্মাণৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ তদুপৰি শেহতীয়াকৈ ভাৰত ভূমিত প্রতিনিয়ত আগ্রাসন চলাই অহা ৰঙা চীনে অৰুণাচল প্রদেশ সংলগ্ণ আন্তর্জাতিক সীমান্তৰ সমীপতে শেহতীয়াকৈ আৰম্ভ কৰিছে তিব্বতত বিশ্বৰ সর্ববৃহৎ নদীবান্ধ য়াৰলুং চাংপো নদী ল’ৱাৰ ৰিছ জলবিদ্যুৎ প্রকল্প নির্মাণৰ কাম৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ নদীমাতৃক সভ্যতাৰ আয়ুসৰেখাস্বৰূপ ব্রহ্মপুত্র (তিব্বতত য়াৰলুং চাংপো নামেৰে জনাজাত)ত নির্মাণ কৰিবলৈ লোৱা বছৰি ৩০ হাজাৰ কিলোৱাট বিদ্যুৎ উৎপাদনক্ষম তথা ১৬,৭৮০ মার্কিন ডলাৰ ব্যয়সাপেক্ষ এই দৈত্যকায় নদীবান্ধটোক লৈ ইতিমধ্যে ভাৰত চৰকাৰ তথা নামনি অংশৰ জনসাধাৰণ উদ্বিগ্ণ হৈ পৰিছে৷ বিশেষকৈ অতি ভূ-কম্পপ্রৱণ এলেকাত নির্মাণ কৰিবলৈ লোৱা বিশ্বৰ সর্ববৃহৎ নদীবান্ধটোৱে অসমসহ উত্তৰ–পূর্বাঞ্চললৈ যিকোনো মুহূর্ততে বিপদ মাতি আনিব পাৰে বুলিও ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞ মহলে৷ তাৰ মাজতে হার্ভার্ড বিশ্ববিদ্যালয়ৰ উক্ত গৱেষণাই কার্যতঃ বিশ্বৰ মানৱ সভ্যতালৈ অশনি সংকেত কঢ়িয়াই অনাৰ ইংগিত দিছে৷

গৱেষণাটোত উল্লেখ কৰা অনুসৰি, নদীবান্ধ নির্মাণৰ ফলত যিদৰে সমুদ্রপৃষ্ঠ তললৈ নামি গৈছে, সেইদৰে গোলকীয় উষ্ণতা–জলবায়ু পৰিৱর্তনৰ পৰিণতিত সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাই আহিছে প্রতি বছৰে৷ চলিত শতিকাটোতো বিশ্বজুৰি অসংখ্য নদীবান্ধ নির্মাণ হোৱাত সমুদ্রপৃষ্ঠৰ বার্ষিক উচ্চতা বৃদ্ধি এক চতুর্থাংশ অর্থাৎ প্রায় ১.২ মিলিমিটাৰত আবদ্ধ কৰি ৰাখিব পৰাও সম্ভৱপৰ হৈছে৷ এইটো ইতিবাচক দিশ৷ কিন্তু পৃথিৱীৰ উত্তৰ চুম্বকীয় মেৰুৰ অৱস্থান সঘনে পৰিৱর্তন হৈ থাকিলে ইয়াৰ যথেষ্ট কুফল বিশ্ববাসীয়ে ভোগ কৰিব লাগিব৷ স্বাভাৱিকতে প্রশ্ণ উঠিব– যদি পৃথিৱীৰ উত্তৰ চুম্বকীয় মেৰুৰ অৱস্থান সঘনে পৰিৱর্তন হৈ থাকে, তেন্তে কি হ’ব? বিজ্ঞানীসকলৰ মতে, এনেধৰণৰ ঘটনাৰ ফলত গভীৰ সমুদ্র তথা মহাসাগৰৰ বুকুত চলাচল কৰা জাহাজসমূহ দিক্ভ্রান্ত হৈ পৰিব৷ সেইদৰে আকাশত বিমান চালকক দিশ (নেভিগেচন) দেখুওৱাৰ ক্ষেত্রতো সাংঘাতিক ভুল হ’ব পাৰে৷ স্মার্ট ফোনত গুগল মেপেৰে পথ নির্ণয় কৰাৰ ক্ষেত্রতো জটিলতাৰ সৃষ্টি হ’ব৷ অকল সেয়াই নহয়, বায়ুমণ্ডলীয় স্তৰৰ সংকোচন, সমুদ্রস্রোতৰ পৰিৱর্তন, আগ্নেয়গিৰিৰ উদ্গীৰণ আদিতো ইয়াৰ বিৰূপ প্রভাৱ পৰিব৷

You might also like