নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহুত বংগৰ কণ্ঠশিল্পী মৰ্মিতাৰ কণ্ঠ জুবিনৰ গানৰ লহৰ

👉জুবিন গাৰ্গক লগ কৰাৰ তীব্ৰ হেঁপাহ

👉বংগৰ প্ৰায় অনুষ্ঠানত কমেও এটা জুবিনৰ গীত পৰিৱেশন কণ্ঠশিল্পীগৰাকীৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ জুবিন গাৰ্গৰ অসমীয়া গীত ৰাজ্যৰ এখনৰ পিছত আনখন মঞ্চত গীত পৰিৱেশন কৰি শ্ৰোতা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পশ্চিমবংগৰ এগৰাকী কন্ঠশিল্পীয়ে। মৰ্মিতা মিত্ৰ নামৰ এইগৰাকী কন্ঠশিল্পীয়ে পৰিৱেশন কৰা জুবিন গাৰ্গৰ অসমীয়া গীতে মঞ্চৰ লগতে সামাজিক মাধ্যমতো বহুলভাৱে সমাদৃত হৈছে। জুবিন গাৰ্গৰ মনৰ নিজানৰ পৰা মাজুলীত এজনী ছোৱালীয়ে দুখ পালে, বাঁহী বাঁহী, নাহৰ, মায়াবিনী আদি এটাৰ পিছত আনটো গীত নিজ সুললিত কন্ঠৰে মঞ্চত পৰিৱেশন কৰি আকৰ্ষণ কৰিছে ৰাজ্যৰ শ্ৰোতা দৰ্শকক। জুবিন গাৰ্গক এবাৰ লগ পোৱাৰ আশাৰে গান গাই গৈছে চুবুৰীয়া ৰাজ্যৰ এইগৰাকী প্ৰতিভাৱান কন্ঠশিল্পীয়ে । শেহতীয়াকৈ কালি নিশা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এটাৰ পাছত আনটো গীত পৰিবেৱশন কৰি টিহুৰ ৰাসত হেজাৰ হেজাৰ শ্ৰোতা দৰ্শকক আপ্লুত কৰি তোলে পশ্চিম বংগৰ উদীয়মান কন্ঠশিল্পীগৰাকীয়ে। মৰ্মিতাই সৰুৰে পৰা জুবিন গাৰ্গৰ গীতৰ প্ৰতি আকৰ্ষিত হৈ পৰা উল্লেখ কৰি প্ৰকাশ কৰে যে তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰে পৰা গীত গোৱা আৰম্ভ কৰে। সেই সময়তে তেওঁ প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ “য়া আলী…” গীতটো শুনিয়ে জুবিন গাৰ্গৰ গীতৰ প্ৰতি আকৰ্ষিত হৈ পৰে। জুবিন গাৰ্গক এবাৰ লগ পোৱাৰ অদম্য হেঁপাহ থকা মৰ্মিতাই জুবিনৰ গীত গোৱাৰ চৰ্চা আৰম্ভ কৰি সপোনতো ভবা নাছিল অসমৰ মঞ্চত কেতিয়াবা তেওঁৰে গীত গাব। তেওঁ জুবিনৰ প্ৰথম অসমীয়া গীত শুনে ‘মনৰ নিজান’ত। জুবিন গাৰ্গৰ প্ৰতি অগাধ শ্ৰদ্ধা ভক্তি থকা মৰ্মিতাৰ মতে জুবিন গাৰ্গ অকল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰে এগৰাকী প্ৰখ্যাত আৰু মৰমৰ শিল্পী। ইতিমধ্যে অসমৰ বিভিন্ন স্থানত গীত পৰিবেশন কৰি সমাদৃত হোৱা জুবিন অনুৰাগী মৰ্মিতাই পৰৱৰ্তী সময়ত অসমৰ দৰ্শকৰ সঁহাৰি পালে অসমীয়া গীত গোৱাৰ প্ৰৱল ইচ্ছা মনত পুহি ৰখা বুলি সদৰী কৰে। নিজ ৰাজ্য পশ্চিমবংগৰ প্ৰায় অনুষ্ঠানতে কমেও এটা জুবিন গাৰ্গৰ গীত পৰিবেশন কৰি আহিছে তেওঁ। ভৱিষ্যতে অসমলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতি দি পশ্চিমবংগলৈ উভতি যোৱা মৰ্মিতাই গুণগুণাই যায়– “মায়াবিনী আমাৰ চোখে../ ভাঙা মনে আমাৰো আছে কত আশা…।

প্ৰেৰক গুণজিৎ কলিতা

You might also like