নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেৱন্ত ৰেড্ডী তেলেংগানাৰ নতুন মুখ্যমন্ত্রী

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ তেলেংগানাৰ নতুন মুখ্যমন্ত্রী হ’ব ৰেৱন্ত ৰেড্ডী৷ যোৱা ৩ ডিচেম্বৰত ঘোষিত বিধানসভা নির্বাচনী ফলাফলত শাসকীয় বিআৰএছক উৎখাত কৰি প্রথমবাৰৰ বাবে তেলেংগানাৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱা কংগ্রেছৰ মুখ্যমন্ত্রী হিচাপে ৰেৱন্ত ৰেড্ডীৰ নাম চূড়ান্ত কৰা হৈছে৷ কংগ্রেছৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক কে চি বেনুগোপালে প্রকাশ কৰা মতে, তেলেংগানাৰ নৱ নির্বাচিত কংগ্রেছৰ বিধায়িনী দলে ৰেৱন্ত ৰেড্ডীক নেতা হিচাপে নির্বাচন কৰিছে৷ বিধায়িনী দলৰ নেতা ৰেৱন্ত ৰেড্ডীয়ে অহা ৭ ডিচেম্বৰত মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিব৷ ৫৬ বছৰীয়া দক্ষ কংগ্রেছী নেতা ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বতেই এইবেলি বিধানসভা নির্বাচনত কংগ্রেছে শাসকীয় বিআৰএছক উৎখাট কৰিবলৈ সক্ষম হয়৷ কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীৰ ভাৰতজোড়ো যাত্রাৰ সময়ত হাত পে হাত জোড়ো অভিযানেৰে তেলেংগানাৰ জনসাধাৰণৰ মাজত কংগ্রেছক জনপ্রিয় কৰা নেতা ৰেৱন্ত ৰেড্ডীৰ ৰণনীতি আৰু কৌশলৰ বাবেই কংগ্রেছে তেলেংগানাত অভাৱনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ ১১৯জনীয়া বিধানসভাত কংগ্রেছে ৬৪ আসন লাভ কৰাৰ বিপৰীতে বিআৰএছে ৩৯, বিজেপিয়ে ৮, এআইএমআইএমে ৭খন আসন দখল কৰিছে৷ অন্ধ্রপ্রদেশৰ তেলগু দেশম পার্টীৰ যোগেদি সক্রিয় ৰাজনীতিত প্রৱেশ কৰা ৰেৱন্ত ৰেড্ডীয়ে পাছলৈ কংগ্রেছ দলত যোগদান কৰে৷ কংগ্রেছে ৰেৱন্ত ৰেড্ডীক তেলেংগানাৰ সভাপতি হিচাপে নিযুক্তি দিয়ে আৰু এই দায়িত্ব গ্রহণ কৰিয়েই ৰেড্ডীয়ে তেলেংগানাত কংগ্রেছক নির্বাচনী সফলতা দিবলৈ সক্ষম হৈছে৷

#বাৰ্তা ডেস্ক

You might also like