নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্লেগ অফ কৰি মার্চিডিজ বেঞ্জ বাছ সেৱাৰ শুভাৰম্ভ মুখ্যমন্ত্রী সোণোৱালৰ

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুকুৰবাৰে মার্চিডিজ কোম্পানীৰ ভাৰতবেঞ্জ বাছসেৱা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে৷ এই আৰামদায়ক তথা আধুনিক সা–সুবিধাযুক্ত ২০খন বাছ ৰাজ্যৰ ভিন্ন প্রান্তলৈ চলাচল কৰিব৷ এই বাছ সেৱাৰ শুভাৰম্ভণি উপলক্ষে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্রী সোণোৱালে কয় যে সময়ৰ সৈতে খোজ মিলাই আমি আগুৱাই যাব লাগিব৷ প্রতিযোগিতামুখী আজিৰ পৃথিৱীত আমাৰ যোগ্যতা প্রকাশৰ বাবে দৃঢ়তাৰে প্রয়াস চলাব লাগিব৷ অসম ৰাজ্যিক পৰিবহণ নিগমে অত্যাধুনিক বাছসেৱা সংযোজনৰ জৰিয়তে প্রতিযোগিতামুখী মানসিকতাৰে আগুৱাই আহিছে৷ অসম ৰাজ্যিক পৰিবহণ নিগম সম্পর্কত পূর্বতে জনসাধাৰণৰ নেতিবাচক ধাৰণা আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰৰ শাসনকালত ইয়াৰ দুর্বল দিশসমূহ চিনাক্ত কৰি সেই অনুযায়ী পদক্ষেপ গ্রহণ কৰাৰ বাবে বিভাগটোৱে আজি গতিশীল ৰূপ গ্রহণ কৰিছে৷ নিগমৰ প্রতিচছবি পৰিৱর্তন সাধন কৰাৰ বাবে পৰিৱর্তনৰ ধাৰণাৰে কাম কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে লগতে এই বাছত উঠা অথবা নমাৰ ক্ষেত্রত সুবিধা হোৱাকৈ হুইল চেয়াৰ সেৱাও আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্যখনৰ বহুসংখ্যক কর্কট ৰোগীয়ে কর্কট ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যায় আৰু অসম ভৱনত আশ্রয় লয়৷ এই ৰোগী তথা ৰোগীৰ পৰিচর্যাকাৰীসকলৰ্ সহায়ক হোৱাকৈ অসম ভৱনৰ পৰা সংশ্লিষ্ট চিকিৎসালয়লৈ বাছসেৱা এসপ্তাহৰ ভিতৰত আৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে পৰিবহণ নিগমক নির্দেশ দিয়ে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি পৰিবহণ বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ক’ভিড–১৯ সৃষ্ট লকডাউনৰ সময়ত নিগমে জনসাধাৰণলৈ যি দায়বদ্ধতাৰে সেৱা আগবঢ়ালে তাৰ বাবে নিগমৰ সমূহ বিষয়া–কর্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে৷ মন্ত্রীগৰাকীয়ে লগতে মহিলাসকলৰ বাবে ভাৰাবিহীন পিংকবাছৰ সেৱা তথা জ্যেষ্ঠসকলৰ বাবে ভাৰাবিহীন বাছৰ সেৱা অতি সোনকালে আৰম্ভ কৰা হ’ব বুলি কয়৷ উল্লেখ্য যে আজি মুকলি কৰা ভাৰতবেঞ্জ বাছসমূহ মুখ্যতঃ ধুবুৰী, শিলচৰ, লখিমপুৰ, হাফলং, ডিফু আদিলৈ চলাচল কৰিব৷ অসম ৰাজ্যিক পৰিবহণ নিগমে ৭ কোটি ৪০ লাখ টকা ব্যয়ৰে এই ২০খন বাছ ক্রয় কৰিছে৷ পৰিবহণ আৰু উদ্যোগ বিভাগৰ আয়ুক্ত–সচিব ড০ কে কে দ্বিৱেদীয়ে আদৰণী ভাষণ দিয়া আজিৰ এই অনুষ্ঠানত নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, উপাধ্যক্ষ হৰিচৰণ বডো, ডেমলাৰ বাছ ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া কার্ল আলেকজেণ্ডাৰেও ভাষণ দিয়ে৷ অনুষ্ঠানত মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্রকাশ তিৱাৰী প্রমুখ্যে অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like