নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৬০ স্থানত তালাচী নিয়াৰঃ দিল্লী, হাৰিয়ানা, উত্তৰ প্রদেশ আৰু পঞ্জাবত গেংষ্টাৰ–পৰাধী চক্রৰ বিৰুদ্ধে অভিযান নিয়াৰ

লৰেঞ্চ বিষ্ণই গেং, বামবিহা গেং, নিৰজ বাৱনা গেঙৰ চক্র উৎখাত নিয়াৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ  গেংষ্টাৰ আৰু অপৰাধী চক্র উৎখাত কৰাৰ লক্ষ্যৰে আজি দেশৰ ৬০ স্থানত তালাচী চলাইছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই৷ দেশৰ ৰাজধানী নতুন দিল্লী, ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এন চি আৰ), হাৰিয়ানা, উত্তৰ প্রদেশ আৰু পঞ্জাবকে ধৰি বিভিন্ন স্থানত ‘নিয়া’ই অভিযান চলাই গেংষ্টাৰ আৰু অপৰাধী চক্র উৎখাত কৰে৷ দিল্লী আৰক্ষীৰ বিশেষ গোটে পঞ্জীয়ন কৰা দুটা গোচৰৰ ভিত্তিত ‘নিয়া’ই ১০ গেংষ্টাৰৰ বিৰুদ্ধে ৬০ স্থানত তালাচী চলাইছে৷ এই গেংষ্টাৰৰ ভিতৰত বহু অসামাজিক কার্যকলাপত জড়িত লৰেঞ্চ বিষ্ণই গেং, বামবিহা গেং আৰু নিৰজ বাৱনা গেঙৰ বিৰুদ্ধে আজি নিয়াই অভিযান চলায়৷ পঞ্জাবৰ জনপ্রিয় গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডত গ্রেপ্তাৰ কৰা গেংষ্টাৰৰ সম্পর্ক সন্ত্রাসবাদী সংগঠনৰ সৈতে স্পষ্ট হৈ পৰাৰ পাছতে নিয়াই এই গেংষ্টাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰে৷ গেংষ্টাৰে দেশত অসামাজিক কার্যকলাপ, ধন দাবী, হত্যা, অপহৰণকে ধৰি কূটাঘাতমূলক কার্যত জড়িত থকাৰ লগতে পাকিস্তানী সন্ত্রাসবাদীৰ সৈতে জড়িত হৈ আছে৷

নিয়াৰ সূত্রত প্রকাশ পোৱা মতে নিৰজ চেহৰাৱত ওৰফে নিৰজ বাৱনা আৰু গেংটোৱে প্রখ্যাত ব্যক্তিক হত্যা আৰু ছ’চিয়েল মিডিয়াত সন্ত্রাস বিয়পোৱাৰ সৈতে জড়িত হৈ আছে৷ নিৰজ বাৱনাৰ গেংটোৱে অলপতে গেংষ্টাৰ লৰেঞ্চ বিষ্ণইৰ গোটৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ তথ্যও পাঞ্জাবী গায়ক মুছেৱালাৰ হত্যাৰ পাছত পোহৰলৈ আহিছে৷ নিৰজ বাৱনাই মুছেৱালাৰ হত্যাৰ প্রতিশোধ লৰেঞ্চ বিষ্ণই গেঙৰ ওপৰত লোৱা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ দেশৰ জে’লৰ ভিতৰতে থাকি গেংষ্টাৰে দেশৰ লগতে বিদেশতো অসামাজিক কার্যকলাপ চলাই থকাৰ তথ্য নিয়াই লাভ কৰাৰ পাছতে অনুসন্ধান চলাই আজি উক্ত গেংষ্টাৰৰ ঘাটিত অভিযান চলাইছে৷ কানাডাত থাকিয়ে গ’ল্ডি ব্রাৰ নামৰ গেংষ্টাৰজনে পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ পৰিকল্পনা কৰিছিল আৰু তাক কার্যকৰী কৰি তুলিছিল৷

দেশৰ কাৰাগাৰৰ ভিতৰত থাকিয়ে লৰেঞ্চ বিষ্ণই, গ’ল্ডি ব্রাৰ জাগ্গু ভগৱান পুৰিয়া, সন্দীপ, শচীন থাপন আৰু অনমোল বিষ্ণয়ে অপৰাধমূলক কার্য সংঘটিত কৰি আহিছে৷ ঠিক তেনেদৰে কানাডা, পাকিস্তান আৰু ডুবাইত থাকিও ভাৰতীয় গেংষ্টাৰে দেশখনত অপৰাধ সংঘটিত কৰি আহিছে৷ নিয়াৰ মতে লৰেঞ্চ বিষ্ণই খালিস্তানী সন্ত্রাসবাদী হৰবিন্দৰ সিং ৰিংডাৰ সৈতে ঘনিষ্ঠ৷ খালিস্তানী সন্ত্রাসবাদী ৰিংডাই পাকিস্তানতে থাকি ভাৰতত গেংষ্টাৰ গোট পৰিচালনা কৰি আহিছে৷ আনপিনে, লাকি পাটিয়াল নামৰ গেংষ্টাৰজনে আর্মেনিয়াৰ পৰাই ভাৰতত গেংষ্টাৰ গোট পৰিচালনা কৰি আহিছে৷ এই গেংষ্টাৰৰ বিৰুদ্ধে দেশৰ ৬০ স্থানত নিয়াই তালাচী চলাই কি কি তথ্য আৰু সামগ্রী জব্দ কৰিছে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷

You might also like