নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ অর্থনীতিলৈ আশাৰ বতৰাঃ নামনি অসমত প্ৰথমবাৰলৈ খাৰুৱা তেলৰ অন্বেষণ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: ৰাজ্যৰ অর্থনীতিৰ বাবে আন এক আশাৰ বতৰা৷ পোনপ্রথমবাৰৰ বাবে নামনি অসমৰ ব্রহ্মপুত্রৰ উত্তৰ পাৰত অন্বেষণ চলিব খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ৷ ইতিমধ্যে ইয়াৰে প্রাৰম্ভিক কাম আৰম্ভ হোৱাৰ লগতে দুখন সম্ভাব্য তৈলক্ষেত্র চিহ্ণিত কৰা হৈছে৷ যাক কাৰিকৰী ভাষাত কোৱা হয় অ’পেন একৰেজ লাইচেঞ্চছিং (অ’ এ এল পি) ব্লক৷ এই অ’ এ এল পি ব্লক দুখন হ’ল– ২৪৪৫.৩০ বর্গকিঃমিঃজোৰা এএ–’এনএইচপি–২০২১/২নং পাঠশালা ব্লক আৰু ১৮৪০.৮৭ বর্গকিঃমিঃৰ এএ–’এনএইচপি–২০২১/৩নং মঙলদৈ ব্লক৷ ইয়াৰে পাঠশালা ব্লকত বৰপেটা, নলবাৰী, বাক্সা আৰু কামৰূপ জিলাৰ এলেকা অন্তর্ভুক্ত হোৱাৰ বিপৰীতে মঙলদৈ ব্লকৰ আছে ওদালগুৰি, কামৰূপ আৰু দৰং জিলাৰ অঞ্চল৷ ইতিমধ্যে এই অ’ এ এল পি ব্লক দুখনত খাৰুৱা তেল আৰু প্রাকৃতিক গেছ অন্বেষণৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰে ৰাজ্য চৰকাৰে পেট্র’লিয়াম অন্বেষণৰ এক অনুজ্ঞাপত্রৰ চুক্তি সম্পন্ন কৰিছে৷ কালি ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ সম্পন্ন হোৱা চুক্তিখনত ৰাজ্য চৰকাৰৰ হৈ বিভাগটোৰ সঞ্চালক তথা যুটীয়া সচিব আনন্দ কুমাৰ দাস আৰু অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা প্রতিষ্ঠানটোৰ কার্যকৰী সঞ্চালন (ফ্রণ্টিয়াৰ বেচিন) জে পি পি দাসে চুক্তিখনত স্বাক্ষৰ কৰে৷ কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ অনুমোদন সাপেক্ষে সম্পাদিত এই চুক্তিখন মূলতঃ ৰাজহ অংশীদাৰিত্ব বিষয়ক৷ পূর্বে উল্লেখ কৰি অহা হৈছে যে ৰাজ্যত তেল উদ্ঘাটনৰ ইতিহাসত অল ইণ্ডিয়া লিমিটেডে নামনি অসমৰ ব্রহ্মপুত্রৰ উত্তৰ পাৰত পোনপ্রথমবাৰৰ বাবে খাৰুৱা তেল আৰু প্রাকৃতিক গেছ অন্বেষণৰ কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে৷ ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ তৰফৰ পৰা প্রকাশ কৰা মতে যদিহে উক্ত অ’ এ এল পি ব্লক দুখনৰ অন্তর্গত সম্ভাব্য অঞ্চলসমূহত আশা কৰা ধৰণে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ সন্ধান পোৱা যায়, তেন্তে ই নিশ্চিতভাৱে অসমৰ অর্থনীতিক এক নতুন মাত্রা প্রদান কৰিব৷ অইল ইণ্ডিয়া লিমিটেডে এই প্রকল্পটোত প্রায় ১২ কোটি টকা বিনিয়োগেৰে চলিত ফেব্রুৱাৰী মাহৰ পৰা ভূকম্পীয় জৰীপ (ছিছমিক ছার্ভে)ৰ কাম আৰম্ভ কৰাৰ কথা৷ উল্লেখ্য যে পাঠশালা আৰু মঙলদৈ অ’ এ এল পি ব্লকৰ নির্দিষ্ট স্থানসমূহত ৰঙা ৰঙৰ পোষ্ট পোটা হৈছে অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা৷ তদুপৰি খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ অন্বেষণ চলাবলগীয়া কেতবোৰ সম্ভাব্য স্থানত অইল ইণ্ডিয়া লিমিডেটৰ কাৰিকৰী বিশেষজ্ঞৰ দল গৈ উপস্থিত হৈছে৷ অইল ইণ্ডিয়া লিমিটেডৰ এজন শীর্ষস্থানীয় বিষয়াই জানিবলৈ দিয়া অনুসৰি ভূকম্পীয় জৰীপৰ দ্বাৰা চলোৱা অন্বেষণকালত সম্ভাব্য অঞ্চলত অস্থায়ী দমকল সংস্থাপনেৰে ভূগর্ভৰ পানী নিষ্কাশন কৰি তাৰ নির্দিষ্ট গভীৰতাত বিস্ফোৰণ ঘটাই উচ্চ প্রাবল্যৰ শব্দ তৰংগৰ সৃষ্টি কৰা হয়৷ উচ্চ প্রাবল্যৰ এই শব্দ তৰংগ কম্পিউটাৰত বিভিন্ন ধৰণে বিশ্লেষণ কৰি নির্দিষ্ট স্থানৰ ভূগর্ভত থকা যিকোনো বস্তুৰ প্রকৃতি নিৰূপণ কৰে বিশেষজ্ঞই৷ অৱশ্যে বিশ্লেষণৰ এই প্রক্রিয়া সম্পন্ন হওঁতে নির্ধাৰিত সময়ৰ প্রয়োজন হয়৷ অ’ এ এল পি ব্লক দুখনত অইল ইণ্ডিয়া লিমিটেডৰ কাৰিকৰী বিশেষজ্ঞ দলে পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ বিস্তৃতভাৱে ভূকম্পীয় জৰীপ চলাব বুলি শীর্ষস্থানীয় বিষয়াজনে সদৰী কৰে৷ তেওঁৰ মতে খাৰুৱা তেল আৰু প্রাকৃতিক গেছ অন্বেষণৰ বাবে ব্রহ্মপুত্রৰ পৰা ভূটান সীমান্তলৈকে ভূকম্পীয় জৰীপ চলোৱাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ এতিয়া অইল ইণ্ডিয়া লিমিটেডৰ এই ভূকম্পীয় জৰীপৰ ফলাফলৰ ওপৰতেই নির্ভৰ কৰিব নামনি অসমৰ ভূগর্ভত সঁচাকৈ তৈল ভাণ্ডাৰ নিহিত হৈ আছে নে নাই?

You might also like