নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাতমুক্ত হৈ বলিং কৰিবলৈ সাজু ৰিয়ান পৰাগ

🔹 অপৰাজেয় ৰাজস্থানলৈ ইতিবাচক বার্তা অসম সন্তানৰ

বিশেষ বাৰ্তা, ১০ এপ্রিল : চলিত আই পি এলত অপৰাজেয় যাত্রা অব্যাহত ৰখা ৰাজস্থান ৰয়েলছে আজি পঞ্চমখন মেচত অংশ ল’ব৷ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত হ’ব লগা মেচখনত ৰয়েলছে গুজৰাট টাহটানছৰ বিৰুদ্ধে খেলিব৷ সংগঠিত ফর্মত থকা ৰাজস্থান ৰয়েলছৰ বাবে এই সময়ত এটা ইতিবাচক দিশ হ’ল দলৰ হৈ বলিং কৰাৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে তাৰকা অলৰাউণ্ডাৰ অসম সন্তান ৰিয়ান পৰাগ৷ এই বিষয়ে সংবাদ মেলত অৱগত কৰিছে দলটোৰ সহকাৰী প্রশিক্ষক ড্রেভৰ পেনীয়ে৷ উল্লেখ্য যে বিস্ময়কৰ বেটিঙেৰে ছিজনৰ আৰম্ভণি কৰা ৰিয়ানে ইতিমধ্যে ৰয়েলছৰ প্রথম তিনিখন মেচৰ বিজয়ত অনবদ্য ভূমিকা পালন কৰিছে৷ বেটিং চমক দিয়া ৰিয়ানে এইবাৰ বলিং চমক দিবলৈও সাজু হৈছে৷ স্বাভাৱিকতে ৰয়েলছৰ বাবে এয়া হ’ব অতিৰিক্ত শক্তি৷ স্মর্তব্য যে যোৱা মেচত ৰিয়ানে আৰ চি বিৰ বিৰুদ্ধে এক অভাৰ বলিং কৰিছিল৷ সেই মেচৰ পাছতে ৰয়েলছৰ বলিং প্রশিক্ষক শ্বেন বণ্ডৰ নিৰীক্ষণত নিয়মিতভাৱে বলিং অনুশীলন কৰিছে ৰিয়ানে৷ ‘ছিজন আৰম্ভ হোৱাৰ পূর্বে ৰিয়ানৰ কান্ধত আঘাতৰ সমস্যা আছিল৷ ঘৰুৱা ক্রিকেট খেলাৰ সময়তে তেওঁ আঘাত পাইছিল৷ কিন্তু এতিয়া তেওঁ সম্পূর্ণ সুস্থ৷ ইতিমধ্যে নেটত বলিং কৰা আৰম্ভ কৰিছে৷ তেওঁ মূল একাদশত অলৰাউণ্ডাৰ হিচাপে খেলিছে যেতিয়া পৰৱর্তী মেচত প্রয়োজনত বলিং কৰিবলৈ সাজু থাকিব৷– ড্রেভৰ পেনীয়ে ব্যক্ত কৰে৷ উল্লেখ্য যে এতিয়ালৈকে ৰাজস্থান ৰয়েলছে জয়পুৰত খেলা তিনিখন মেচৰ লগতে মুঠ চাৰিওখন খেলত জয়ী হৈ পহণ্ট তালিকাৰ শীর্ষত আছে৷ আই পি এল আৰম্ভ হোৱাৰ পূর্বে দলে যিদৰে প্রস্তুতি শিবিৰত অনুশীলন কৰিছিল, তাৰেই ইতিবাচক ফল প্রথম চাৰিখন মেচত জয়লাভৰ সফলতা বুলিও পেনীয়ে লগতে উল্লেখ কৰে৷ স্মর্তব্য যে ছিজনৰ পূর্বে নাগপুৰ আৰু জয়পুৰত ৰয়েলছৰ দীঘলীয়া শিবিৰ আছিল আৰু পেনীৰ মতে সেহটোৱে দলটোক সহায় কৰিছে৷

You might also like