অসমত প্ৰযোজ্য নহ’ব SIR : নিৰ্বাচন আয়োগৰ ঘোষণা
অসমত এইবাৰ প্ৰযোজ্য নহ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া (SIR)। নিৰ্বাচন আয়োগে আজিৰ সংবাদ মেলত এই কথা স্পষ্টকৈ জনায়।
নির্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে সদৰী কৰে যে, অসমত এন.আৰ.চি. প্ৰক্ৰিয়া চলি থকাৰ বাবেই এতিয়াৰ বাবে এছ আই আৰ (SIR) প্ৰযোজ্য কৰা নহ’ব। আয়োগে কয়, অসমৰ বাবে পৃথকভাৱে তাৰিখ ঘোষণা কৰা হ’ব।
ইয়াৰ বিপৰীতে, দ্বিতীয় পৰ্যায়ৰ এছ আই আৰ দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এই ৰাজ্যবোৰ হ’ল — চত্তীশগড়, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, পুডুচেৰী, আণ্ডামান-নিকোবৰ, লক্ষদ্বীপ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ। ২৮ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া আৰু ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ’ব চূড়ান্ত তালিকা।
নির্বাচন আয়োগে কয়, “যোগ্য ভোটাৰ যাতে বাদ নপৰে আৰু অযোগ্য কোনো ব্যক্তিয়ে যাতে ভোটাধিকাৰ লাভ নকৰে, সেই কাৰণেই এই SIR প্ৰক্ৰিয়া।”
উল্লেখযোগ্য যে, ১৯৫১ৰ পৰা ২০০৪ চনলৈ ২১ বাৰ সম্পন্ন হৈছে এই বিশেষ সংশোধনী প্ৰক্ৰিয়া। বিহাৰত প্ৰথম পৰ্যায়ৰ SIR সম্পন্ন হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ ঘোষণা কৰা হৈছে। বিহাৰত এই প্ৰক্ৰিয়াৰ পিছত প্ৰায় ৬৫ লাখ ভোটাৰ নাম তালিকাৰ পৰা বাদ পৰিছিল, যাৰ ফলত ৰাজ্যখনৰ বিৰোধী দলসমূহে তীব্ৰ প্ৰতিবাদ জনাইছিল।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ