শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব ‘বীৰ লাচিত সেনা’!
“অসমৰ আইমাতৃক বেয়া ব্যৱহাৰ কৰা নেতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। এনে সংগঠনক সমাজৰ শৃংখলা নষ্ট কৰিবলৈ দিয়া নহ’ব।”
ৰাজ্যত ‘বীৰ লাচিত সেনা’ নামৰ সংগঠনটোৰ ওপৰত চৰকাৰে কঠোৰ দৃষ্টি ৰাখিছে চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্টভাৱে কয় যে সংগঠনটোৰ আচৰণ আৰু কাম-কাজে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি নষ্ট কৰিছে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়— “লাচিত সেনাৰ কাম-কাজত আমি গভীৰভাৱে অসন্তুষ্ট। ধন দাবী, মাৰপিট, ভয় দেখুৱাই পৰিৱেশ বিনষ্ট কৰিছে এই সংগঠনটোৱে।” তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে সংগঠনখনৰ সকলো কাৰ্যকলাপ গভীৰভাৱে লক্ষ্য ৰাখিছে আৰু প্ৰয়োজন হ’লে নিষিদ্ধ কৰাৰ দিশে আগবাঢ়িব।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয়— “অসমৰ আইমাতৃক বেয়া ব্যৱহাৰ কৰা নেতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। এনে সংগঠনক সমাজৰ শৃংখলা নষ্ট কৰিবলৈ দিয়া নহ’ব।”
সূত্র অনুসৰি, চৰকাৰী স্তৰত সংগঠনটোৰ কাৰ্যকলাপৰ পৰ্যালোচনা চলি আছে আৰু শীঘ্ৰেই ‘বীৰ লাচিত সেনা’ক নিষিদ্ধ ঘোষণাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ