সৰুসজাইত নিযুত মইনা-২.০ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, উপকৃত ৩,৫০,২৬৫ ছাত্ৰী
এই ধন ছোৱালীসকলক ১০ মাহৰ বাবে দিয়া হ’ব
সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে ৰাজ্য চৰকাৰৰ জনপ্ৰিয় আঁচনি নিযুত মইনা-২.০।
এই আঁচনিৰ অধীনত ৰাজ্যৰ উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰী উপকৃত হ’ব। বাল্যবিবাহ ৰোধ আৰু কন্যাসন্তানৰ শিক্ষালাভ প্ৰচলিত কৰাৰ লক্ষ্যৰে চৰকাৰে আৰম্ভ কৰিছে এই অভিলাষী আঁচনি।
যোৱাবছৰ ১,৬১,৩০২গৰাকী ছাত্ৰীয়ে লাভ কৰিছিল এই আঁচনিৰ সুবিধা। এইবাৰ ২০২৫-২৬ বৰ্ষত ৩ লাখ ৫০ হাজাৰ ২৬৫গৰাকী ছাত্ৰী উপকৃত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই উপস্থিত ছাত্ৰীসকলক চেক বিতৰণ কৰে। নতুন সূচী অনুসৰি এইবাৰ লাভ কৰিব লগা ধনৰ পৰিমাণ এনেধৰণৰ-
-
উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে পাব প্ৰতিমাহে ১,০০০ টকা
-
স্নাতকৰ ছাত্ৰীয়ে পাব ১,২৫০ টকা
-
স্নাতকোত্তৰৰ ছাত্ৰীয়ে পাব ২,৫০০ টকা
-
বি.এড. অধ্যয়নকাৰী ছাত্ৰীয়ে পাব ২,৫০০ টকাকৈ।
এই ধন ছোৱালীসকলক ১০ মাহৰ বাবে দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে।
‘নিযুত মইনা’ আঁচনিৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়— “প্ৰথম বছৰৰ পৰা কোনো ছাত্ৰীয়ে কলেজ বা বিশ্ববিদ্যালয় এৰি নাযায়। অসমৰ কোনো ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থাকিব নালাগে। ছাত্ৰীৰ মাজত আত্মবিশ্বাস বৃদ্ধি আৰু নিজৰ ভৰিত থিয় হোৱাৰ অনুপ্ৰেৰণা দিয়াই এই আঁচনিৰ মূল উদ্দেশ্য।”
নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ