নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাৰ পৰা পদত্যাগ বিশ্বজিৎ দৈমাৰীৰ, কাইলৈ যোগদান কৰিব বিজেপিত

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অব্যাহতি ল’লে বিশ্বজিত দৈমাৰীয়ে। দৈমাৰীয়ে আজি অনুষ্ঠিত কৰা এখন সংবাদ মেলত কয় যে তেওঁ বি পি এফৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল। এতিয়া যিহেতু বিপিএফ ত্যাগ কৰাৰ সিদ্ধান্ত লৈ কাইলৈ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব, গতিকে ৰাজ্যসভাৰ পৰা অব্যাহতি লৈছে। উল্লেখ্য সাংসদৰ পৰা অব্যাহতি দিবলৈ পদত্যাগ-পত্ৰ আজি ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুক অৰ্পণ কৰে।

You might also like