নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিপুৰাত খিলঞ্জীয়া ব্ৰু শৰণাৰ্থীৰ পুনৰ সংস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদঃ গুলীচালনাত নিহত ২

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ হিংসাত্মক ঘটনাৰ বাবে ত্ৰিপুৰাৰ পৰা পলায়ন কৰা ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলক কেন্দ্ৰীয় চৰকাৰে পুনৰ সংস্থাপন দিব বিচৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে ত্ৰিপুৰা। যোৱা ১৬ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন বন্ধকে ধৰি নানা প্ৰতিবাদ-ধৰ্মঘটত নামি পৰিছে উত্তৰ ত্ৰিপুৰাৰ লোকসকল।

ইয়াৰ মাজতে আজি হোৱা এক প্ৰতিবাদী সমদলৰ ওপৰত আৰক্ষীয়ে কৰা গুলীচালনাত এগৰাকী লোক নিহত হয় বুলি জানিব পৰা গৈছে। আনহাতে কেইবাগৰাকীও লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আন্দোলনকাৰীয়ে শিল দলিওৱা আৰু পনীসাগৰ চহৰত ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছত এই ঘটনা সংঘটিত হয়। স্থানীয় লোকৰ মত অনুসৰি, স্থানীয় অগ্নি নিৰ্বাপকত বাহিনীৰ এজন লোকৰো এই ঘটনাত মৃত্যু হয় যদিও আৰক্ষীয়ে এতিয়ালৈকে এই বিষয়ে কোনো কথা জনোৱা নাই।

You might also like