নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজহুৱা স্থানত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তাক কাণত ধৰি আঁঠু কঢ়ালে যুৱকে, প্ৰৱঞ্চনাৰে ১ কোটি ২০ লাখ টকা সৰকোৱাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তাক ৰাজহুৱা স্থানত জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ অভিযোগত কাণত ধৰি আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাণত ধৰি আঠু কাঢ়ি ধন আদায় দিবলৈ আন এজন সহযোগীৰে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ ভিডিঅ’ও সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টোত বিশ্বনাথ মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অনানুমোদিত পদৰ প্ৰবক্তা সীমান্ত হাজৰিকা আৰু নাগশংকৰৰ বিজিত শইকীয়া নামৰ দুই ব্যক্তিক এজন যুৱকে বাঁ‌হৰ কামি এডাল লৈ আঁঠু কাঢ়ি কাণত ধৰিবলৈ বাধ্য কৰোৱাৰ লগতে ২৫ তাৰিখৰ ভিতৰত ১ কোটি ২০ লাখ টকা আদায় দিবলৈ ধমকি দি আছে। আনহাতে, এই দুই ব্যক্তিয়ে আনৰ ভূমি দেখুৱাই ১ কোটি ২০ লাখ টকা সৰকোৱা বুলি অভিযোগ কৰা হৈছে।

শেহতীয়া খবৰ মতে, এই প্ৰবক্তাসহ সহযোগীজনক তেজপুৰত আঁঠু লোৱাইছিল । ইফালে, এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মহাবিদ্যালয়ৰ প্ৰবক্তাৰ দৰে সন্মানীয় পদত আসীন এজন ব্যক্তিয়ে লোকৰ ভূমি নিজৰ বুলি দেখুৱাই কোটিৰ অধিক ধন আত্মসাৎ কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। আনহাতে, মুখৰ কথাতেই ইমান বৃহৎ পৰিমাণৰ ধন আদায় দিয়া কাৰ্যতো আশ্চৰ্য প্ৰকাশ কৰিছে একাংশই। অৱশ্যে মিথ্যাচাৰেৰে মাটি বিক্ৰীৰ ঘটনা সুলভ।

ইফালে, প্ৰবক্তা সীমান্ত হাজৰিকাক ভাইৰেল হোৱা ভিডিঅ’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ ১০ দিনৰ সময় দিছে বিশ্বনাথ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে। আনহাতে, কোনো ব্যক্তিয়ে অনৈতিক কাৰ্য সম্পাদন কৰিলে প্ৰচলিত আইন-কানুনৰ দ্বাৰা শাস্তিৰ পৰিৱৰ্তে আঁঠু কঢ়াই এজন কলেজ শিক্ষকক মৰেল পুলিচিং কৰি জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰিছে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°চিন্তামণি শৰ্মাই।

প্ৰেৰক জয়ন্ত বৰা

You might also like