নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : দক্ষিণ যোৰহাটৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ত আজি জৰুৰী চিকিৎসা সেৱা কক্ষ উন্মোচন কৰি এক ঐতিহাসিক সংযোজন ঘটোৱা হয়। কক্ষটো উন্মোচন কৰে যোৰহাট জিলাৰ অতিৰিক্ত জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই।
উদ্বোধনী ভাষণত ভট্টাচাৰ্যই শিক্ষা প্ৰতিষ্ঠানত চিকিৎসা সেৱা কক্ষৰ আৱশ্যকতা আৰু সাম্প্ৰতিক সময়ত নৱপ্ৰজন্মৰ ধঁপাতজাতীয় ৰাগীয়াল দ্ৰব্যপ্ৰীতি নিৰ্মূল কৰাৰ ঘৰুৱা কৌশল প্ৰয়োগৰ প্ৰতি মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ ড° দিগন্ত কুমাৰ ফুকনে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সকলোকে আদৰণি আৰু শুভ কামনা জনাই মহাবিদ্যালয়ৰ নব্য সংযোজনত সন্তোষ প্ৰকাশ কৰে। যোৰহাটৰ যক্ষ্মা ৰোগৰ সমন্বয়ক মিনতি নেওগে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজৰ সকলোৰে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ শিক্ষানুষ্ঠান দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বক্তব্য আগবঢ়ায়।
এই কক্ষ আন্তঃগাঁথনিৰ আচবাব আৰু প্ৰাথমিক চিকিৎসাৰ সা-সৰঞ্জাম আগবঢ়োৱা যোৰহাট সঞ্জীৱনী চিকিৎসালয়ৰ স্বত্বাধিকাৰী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ পংকজ বৰুৱা আৰু তেওঁৰ সহধৰ্মিণী ডাঃ নৱনীতা বৰুৱাৰ বদান্যতাৰ বাবে মহাবিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে স্বাস্থ্যসেৱা কোষৰ সঞ্চালিকা স্বপ্নালী চৌধুৰী বৰাই চিকিৎসা কক্ষৰ সা-সৰঞ্জাম সংৰক্ষণ বাবে এটা আলমাৰি অনুদান দিয়ে। অনুষ্ঠানৰ আতঁ ধৰা চিকিৎসা কোষৰ সমন্বয়ক সংগীতা হাজৰিকাই উপস্থিত সকলোকে শলাগ আৰু কৃতজ্ঞতা জনায়।
প্ৰেৰক নৱজ্যোতি তামুলী