নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ক’ৰোনাৰ বিৰুদ্ধে ৮১ শতাংশ ফলপ্রসূ ক’ভাক্সিন

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ গ্রেট ব্রিটেইনৰ নতুন প্রকৰণ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত ভাৰত বায়’টেকৰ ক’ভাক্সিন ৮১ শতাংশ ফলপ্রসূ হৈছে৷ জানুৱাৰী মাহত তৃতীয় পর্যায়ৰ মানৱদেহত পৰীক্ষণৰ সময়ত নতুন ক’ৰোনাৰ ক্ষেত্রত ক’ভাক্সিন ৮১ শতাংশ প্রভাৱশালী কিম্বা ফলপ্রসূ হোৱা বুলি দাবী কৰিছে ভাৰত বায়’টেকে৷ উল্লেখ্য যে সম্প্রতি দেশত চলি থকা ক’ভিড–১৯ গণ টিকাকৰণত ব্যৱহাৰ হৈ আছে ক’ভাক্সিন৷ এই ক’ভাক্সিনৰ প্রথম ড’জ প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি ৬৫ বর্ষৰ ঊর্ধ্বৰ বয়োজ্যেষ্ঠ লোকসকলক প্রদান কৰি থকা হৈছে৷ এনে সময়তে গ্রেট ব্রিটেইনৰ নতুন ক’ৰোনাৰ বিৰুদ্ধে ভেকচিনটো ফলপ্রসূ হোৱাটো আশাব্যঞ্জক বার্তা৷

You might also like