নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজীয়া সপোন ছবিলৈ ৩টাকৈ ইন্টাৰনেচনেল ফ্লিকচ্ ফিল্ম এৱাৰ্ড

নিয়মীয়া বাৰ্তা, ১০ মেঃ টিহুৰ সমন্বয় ফিল্মছ’ৰ বেনাৰত নিৰ্মিত ‘সেউজীয়া সপোন…এক শুদ্ধ পথ’ শীৰ্ষক অসমীয়া ছবিখনে পশ্চিম বংগৰ হাওৰা’ত অনুষ্ঠিত ইন্টাৰনেচনেল ফ্লিকচ্ ফিল্ম এৱাৰ্ড’ত(International Flicks Film Award) তিনিটাকৈ বঁটাৰে উজলিবলৈ সক্ষম হৈছে। বাণী কলিতাৰ প্ৰযোজনা তথা গগন কুমাৰ শৰ্মাৰ কাহিনী, চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত ছবিখনে ক্ৰমে শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ কলা আৰু শ্ৰেষ্ঠ চিত্ৰ নিৰ্মাতাৰ বঁটা পাবলৈ সক্ষম হৈছে। গ্ৰাম্যঞ্চলৰ জীয়া সমস্যা আৰু তিনিটি শিশুৰ চিন্তা চেতনা উপস্হাপনেৰে নিৰ্মাণ কৰা ছবিখনৰ এই সফলতাই টিহুৰ লগতে ৰাজ্যৰ চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আশা তথা শুভ সংবাদ কঢ়িয়াইছে। উল্লেখ্য যে এই ফিল্ম এৱাৰ্ড’ত মুঠ ২৫৬৮খন ছবিয়ে অংশগ্ৰহণ কৰিছিল। ছবিখনৰ এই সফলতাৰ বাবে শুভকাংশী সকলে ছবিখনৰ প্ৰযোজক পৰিচালক তথা সদৌটিলৈ শুভেচ্ছা জ্ঞাপন কৰিছে । আজি ছবিখনৰ নিৰ্মাতা সমন্বয় ফিল্মছৰ তৰফৰ পৰা টিহু প্লাব্লিক ৰাজহুৱা পুথিভঁৰালত এক সংবাদ মেল অনুষ্ঠিত কৰি এই কথা সদৰী কৰা হৈছে। সংবাদমেলখনত ছবিখনৰ প্ৰযোজক বাণী কলিতা, কাৰ্যবাহী প্ৰযোজক হৰেকৃষ্ণ মেধি,পৰিচালক গগন কুমাৰ শৰ্মা ,চিত্ৰ গ্ৰহনকাৰী সদানন্দ হালৈ আদি উপস্থিত থাকে। উল্লেখ্য যে সমন্বয় ফিল্মছৰ ২০০৮ বৰ্ষত প্ৰথম নিবেদন আছিল ‘আজান ফকীৰ চাহেব ‘ নামৰ ছবিখন। যিখন ছবি আছিল ২০০৮ বৰ্ষত নিৰ্মিত একমাত্ৰ অসমীয়া ছবি। ছবিখনে পৰৱৰ্তী সময়ত ভিন্ন দিশত সন্মান বুটলিবলৈ সক্ষম হোৱাৰ লগতে বৰ্ষটোৰ এখন চৰ্চিত ছবি আছিল। উল্লেখ্য যে পৰৱৰ্তী সময়ত ‘সেউজীয়া সপোন…এক শুদ্ধ পথ নামৰ ছবিখন ছবি গৃহত মুক্তি দিয়াৰ পৰিকল্পনা কৰা বুলি নিৰ্মাতা সমন্বয় ফিল্মছৰ তৰফৰ পৰা সংবাদ মেল খনত জানিবলৈ দিছে।

প্ৰেৰক গুণজিৎ কলিতা

You might also like