নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ মুখ্যমন্ত্রী নির্বাচন কৰিব সংসদীয় ব’ৰ্ড বিধায়িনী দলে

ৰাষ্ট্রীয় সংবাদ মাধ্যমত অমিত শ্বাহৰ তাৎপর্যপূর্ণ মন্তব্য

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ বিজেপিৰ সংসদীয় ব’ৰ্ড আৰু নৱনির্বাচিত বিধায়িনী দলে নির্ণয় কৰিব অসমৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব৷ এই তাৎপর্যপূর্ণ মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত এক আছুতীয়া সাক্ষাৎকাৰত বিজেপি মিত্রজোঁটে অসমত পৰৱর্তী চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মুখ্যমন্ত্রী সন্দর্ভত এই মন্তব্য প্রকাশ কৰে৷

উল্লেখ্য যে সাক্ষাৎকাৰটোত অসমৰ পৰৱর্তী মুখ্যমন্ত্রী ৰূপে সর্বানন্দ সোণোৱালৰ সমান্তৰালভাৱে বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নাম উত্থাপন হোৱাৰ বিষয়ে সোধা প্রশ্ণৰ উত্তৰত কেন্দ্রীয় গৃহমন্ত্রীজনে কয় যে যোৱা কার্যকালত সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাই যৌথভাৱে অসমৰ বিকাশৰ বাবে বহু কাম কৰিছে৷ তেওঁলোকৰ যুটীয়া প্রচেষ্টাত একেলগে ৰাজ্যখনত দুহাজাৰ উগ্রপন্থীয়ে অস্ত্র সম্বৰণ কৰিছে৷ বিজেপি মিত্রজোঁটৰ কার্যকালত অসমত কোনো বৃহৎ আন্দোলন হোৱা নাই৷ এয়া বিজেপি চৰকাৰৰ বৃহৎ সাফল্য৷

ৰাজ্যখনত সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিকাশে এক নতুন গতি লাভ কৰিছে৷ সেই বাবেই পুনৰ ৰাজ্যখনত বিজেপি মিত্রজোঁটে বৃহৎ বিজয় সাব্যস্ত কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত৷ নির্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছত বিজেপিৰ সংসদীয় ব’ড আৰু নির্বাচিত বিধায়কসকলে পৰৱর্তী মুখ্যমন্ত্রী নির্বাচিত কৰিব বুলি অমিত শ্বাহে স্পষ্ট কৰি দিয়ে৷ তেওঁ ড০ হিমন্ত বিশ্ব শর্মাই সদ্যসমাপ্ত নির্বাচনত দলৰ বিজয়ৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলিও মন্তব্য প্রকাশ কৰে৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ ফলাফল ঘোষণালৈ আৰু মাত্র কেইদিনমান বাকী থকা অৱস্থাত কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ প্রাক্তন ৰাষ্ট্রীয় সভাপতিজনৰ অসমৰ পৰৱর্তী মুখ্যমন্ত্রী সন্দর্ভত কৰা এই মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷

You might also like