নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত ট্রাকৰ খুন্দাত যুৱতীৰ মৃত্যু; আহত চাৰি

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ ৰঙালী বিহুৰ আনন্দ–উল্লাসৰ মাজতে মহানগৰীৰ বিভিন্ন স্থানত পৃথকে পৃথকে সংঘটিত হৈছে কেইবাটাও ভয়াৱহ পথ দুর্ঘটনা৷ বিগত তিনিটা দিনত মহানগৰীৰ বিভিন্ন স্থানত ২০টাৰো অধিক সৰু–বৰ পথ দুর্ঘটনা সংঘটিত হৈছে৷ কালি পুৱা প্রায় ৫ বজাত মালিগাঁৱৰ জালুকবাৰী আৰক্ষী চকীৰ সন্মুখতে সংঘটিত এটা পথ দুর্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু হয়৷ জালুকবাৰীৰ পৰা ভৰলুমুখৰ দিশেৰে এখন স্কুটীৰে গৈ থকা সময়তে এখন ট্রাকে খুন্দিওৱাৰ ফলত যুৱতীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়৷

দুর্ঘটনা সংঘটিত কৰিয়েই চালকে ট্রাকখন লৈ পলাই যায়৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, এজন যুৱকৰ সৈতে স্কুটীৰে আহি থকাৰ সময়তে এই দুর্ঘটনাটো সংঘটিত হয়৷ অৱশ্যে দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে সুযোগ বুজি যুৱকজনে স্কুটীসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ আৰক্ষীয়ে যুৱতীগৰাকীক সঞ্জীৱনী হাস্পতালত ভর্তি কৰাইছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত যুৱতীগৰাকী এতিয়াও চিনাক্ত কৰিব পৰা নাই৷ ইফালে, শুকুৰবাৰে নিশা প্রায় ১০.৪৫ বজাত উজানবজাৰত এটা পথ দুর্ঘটনা সংঘটিত হয়৷ এই দুর্ঘটনাটোত এএছ–০১ডিজেড–৯৪৩১ নম্বৰৰ স্কুটী আৰোহী বিতু ৰয় গুৰুতৰভাৱে আহত হয়৷

ইফালে, খাৰঘুলিত ৰঙালী বিহু সন্মিলনৰ পৰা বিহু চাই ঘৰলৈ উভতি যোৱাৰ সময়তে ডনবস্ক’ৰ সমীপত এএছ–২৫বিচি–৯৫১৩ নম্বৰৰ এল্ট’ আৰু এএছ–০১–বিআৰ–০৫১১ নম্বৰৰ স্কুটীৰ মুখামুখি সংঘর্ষ হয়৷ দুর্ঘটনাটোত স্কুটী আৰোহী অৰূপ মোদক (১৭), ভাস্কৰ ডেকা (২১) আৰু ধ্রুৱজ্যোতি শর্মা (২৫) নামৰ যুৱক তিনিজন গুৰুতৰভাৱে আহত হয়৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যুৱককেইজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ যুৱক তিনিজন জিএমচিএইচত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷

You might also like