নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক বৰষুণতে কৃত্রিম বানত বুৰিব গুৱাহাটী; নলা–নর্দমা নিষ্কাশনত ব্যর্থ পৌৰ নিগম

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেই মহানগৰীৰ বহু অঞ্চলৰ নলা–নর্দমা আজিও পৰিষ্কাৰ কৰা নহ’ল৷ যাৰ ফলশ্রুতিত সাধাৰণ এজাক বৰষুণতে কৃত্রিম বানত বুৰিব মহানগৰীৰ বহু অঞ্চল৷ পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বহীনতা আৰু মহানগৰীত বসবাস কৰা একাংশ অসচেতন লোকে পেলোৱা প্লাষ্টিকৰ আৱর্জনাৰে ভৰি পৰিছে নলা–নর্দমাসমূহ৷ প্লাষ্টিকৰ আৱর্জনাৰে ভৰি থকা এই নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে জিএমচি কর্তৃপক্ষই আজিলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷

গুৱাহাটীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ বাবে কোটি কোটি টকা আবণ্টন দিয়া হৈছে যদিও ঠিকাদাৰ আৰু পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে নলা–নর্দমাসমূহ পৰিষ্কাৰৰ নামত নামমাত্র কাম কৰিয়েই দায়িত্ব সামৰিছে৷ ফলত অঞ্চলবিশেষে পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে সাধাৰণ এজাক বৰষুণতে বছৰৰ পিছত বছৰ ধৰি কৃত্রিম বানত জলাকলা খাবলগীয়া হৈছে মহানগৰবাসীয়ে৷ ইয়াৰ উপৰি মহানগৰীৰ বহু অঞ্চলৰ নলা–নর্দমা এতিয়াও উন্মুক্ত হৈ আছে৷ এই উন্মুক্ত নলা–নর্দমাসমূহ বন্ধ কৰাৰ বাবেও পৌৰ নিগম কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

মহানগৰীৰ বিভিন্ন স্থানত থকা উন্মুক্ত নলা–নর্দমাসমূহ বন্ধ কৰাৰ বাবে ৰাইজে পৌৰ নিগম কর্তৃপক্ষক আবেদন–নিবেদন কৰিছে যদিও এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like