নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধৰ কামনাৰ বলি কিশোৰী, অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ জনতাৰ

বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত বাটগাঁৱৰ নয়াপাৰাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। হিন্দু সম্প্ৰদায়ৰ ১৩ বছৰীয়া এগৰাকী কিশোৰীক ৬০ বছৰীয়া এগৰাকী বৃদ্ধই বলপূৰ্বকভাবে ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

ভুক্তভোগী কিশোৰীগৰাকীয়ে বুধবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাত ফুৰিবলৈ গৈ থকা অৱস্থাত ৰাস্তাৰ পৰাই কিশোৰীগৰাকীৰ মুখত সোপাত দি অভিযুক্ত আলেফ ভূঞাই নিজৰ ঘৰলৈ বলপূৰ্বক লৈ যায়।

পাছত কিশোৰীগৰাকীৰ স’তে জঘন্য ঘটনা সংঘটিত কৰে আলেফ ভূঞাই। জঘন্য ঘটনাটো পোহৰলৈ অহাৰ পাছতেই সন্ধিয়া উক্ত ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত জনতাই অভিযুক্ত আলেফ ভূঞাৰ বাসগৃহত অগ্নিসংযোগ কৰি বাসগৃহ জ্বলাই দিয়ে।

ঘটনাস্থলীত তাৰাবাৰী আৰক্ষীৰ এটি দল আৰু বৰপেটা জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও অঞ্চলটোত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

জঘন্য কাণ্ড সংঘটিত কৰা অভিযুক্ত আলেফ ভূঞাক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয়ই ধৰ্ষণত অভিযুক্ত আলেফ ভূঞাৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষী থানাত গোচৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যেই তাৰাবাৰী আৰক্ষীয়ে ঘটনা সম্পৰ্কত ক্ষীপ্ৰতাৰেই তদন্ত আৰম্ভ কৰিছে। পাষণ্ড আলেফ ভূঞাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি আইনগত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।

নিয়মীয়া বাৰ্তা, দৌলাশাল, ৮ জানুৱাৰী

You might also like