নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে মেচ বর্জন কৰি বিপদত পাকিস্তান

বিপদত পাকিস্তান ক্রিকেট ব’ৰ্ড৷ ক্রিকেট জগতত কার্যতঃ বিচ্ছিন্ন হৈ পৰিছে তেওঁলোক৷ ভাৰতৰ বিৰুদ্ধে টি–২০ বিশ্বকাপৰ মেচ বর্জনৰ সিদ্ধান্তৰ পিছত পাকিস্তানে বিভিন্ন দেশৰ ক্রিকেট ব’ৰ্ডৰ দুৱাৰত টুকুৰিয়াইছে৷ কিন্তু সকলো ক্ষেত্রতে হতাশ হৈ ঘূৰি আহিবলগীয়া হ’ল পিচিবিৰ অধ্যক্ষ মহছিন নাকভি৷

কোনো ক্রিকেট ব’র্ডে পাকিস্তানৰ পক্ষ লোৱা নাই৷ ফলত পিচিবিৰ ওপৰত হেঁচা বাঢ়িছে৷ এক সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি এতিয়ালৈকে কোনো ক্রিকেট ব’র্ডে পাকিস্তানৰ এই সিদ্ধান্তক সমর্থন কৰা নাই৷

আনকি এই সিদ্ধান্তত পাকিস্তানৰ কাষত থিয় দিয়া বাংলাদেশ ক্রিকেট ব’র্ডো নিমাত৷ এই পর্যন্ত আমিনুল ইছলামৰ বাংলাদেশ ক্রিকেট ব’র্ডে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই৷ বাংলাদেশৰ সংবাদ মাধ্যমৰ আগত বিচিবিৰ এগৰাকী বিষয়াই কয় যে ভাৰত–পাকিস্তানৰ মেচ অনুষ্ঠিত নহ’লে সমগ্র ক্রিকেট জগতখনে আর্থিক লোকচানৰ সন্মুখীন হ’ব৷

ইপিনে, আন দেশৰ ব’ৰ্ডসমূহে পাকিস্তানৰ কাষত থিয় নোহোৱাৰ কেইবাটাও কাৰণ আছে৷ যিদিনা পাকিস্তানে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলিব নোৱাৰিম বুলি ঘোষণা কৰিছিল, সেইদিনা ১৯ বছৰ অনূর্ধ্ব এদিনীয়া বিশ্বকাপৰ ভাৰত–পাকিস্তানৰ মেচখন অনুষ্ঠিত হৈছিল৷ উক্ত খেলখন চলি থকাৰ সময়তে পাকিস্তান চৰকাৰে এই ঘোষণা কৰিছিল৷

আনহাতে, ১৫ ফেব্রুৱাৰীত টি–২০ বিশ্বকাপত ভাৰত–পাকিস্তানৰ মেচৰ লগতে উক্ত দিনাই থাইলেণ্ডত মহিলা ৰাইজিং ষ্টার্ছ এছিয়া কাপত ভাৰত–পাকিস্তান মুখামুখি হ’ব৷ কিন্তু উক্ত মেচখন বর্জন কৰাৰ কোনো ইংগিত দিয়া নাই পাক চৰকাৰে৷

আনহাতে, ভাৰত–পাকিস্তানৰ বিশ্বকাপৰ মেচখন অনুষ্ঠিত নহ’লে মুঠ লোকচান হ’ব ৪৫০০ কোটি টকা৷ ইয়াৰ প্রভাৱ প্রতিখন দেশৰ লগতে আইচিচিকো প্রভাৱিত কৰিব৷ প্রতিখন দেশেই আর্থিক লোকচানৰ সন্মুখীন হ’ব৷ তেওঁলোকে সেইটো নিবিচাৰে৷ তাৰবাবে পোনপটীয়াকৈ পাকিস্তানক দোষাৰোপ কৰিছে বিভিন্ন দেশৰ ব’ৰ্ডসমূহে৷ ফলত পাকিস্তান ক্রিকেট ব’ৰ্ডৰ ওপৰত অধিক হেঁচা আহি পৰিছে৷

ডিজিটেল ডেস্ক, ৪ ফেব্ৰুৱাৰী

You might also like