নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবৰ্ষত গ্ৰাহকলৈ নতুন প্লেনৰ উপহাৰ ৰিলায়েঞ্চ জিঅ’ৰ…

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ নৱবৰ্ষ উপলক্ষে ৰিলায়েঞ্চে গ্ৰাহকৰ বাবে আগবঢ়ালে কিছু নতুন প্লেন। এই প্লেন অনুযায়ী ১ জানুৱাৰীৰ পৰা বিনামূলীয়া হ’ব জিঅ’ৰ পৰা অন্য নেটৱৰ্কলৈ ভইচ কল।

এই সন্দৰ্ভত আজি ৰিলায়েঞ্চ জিঅ’ই জনাই যে টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াৰ আদেশ অনুযায়ী ডমেষ্টিক ভইচ কলৰ বাবে ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জেছ বন্ধ কৰিব। অৰ্থাত এতিয়াৰ পৰা জিঅ’ৰ বাহিৰে আন নেটৱৰ্কৰে বিনামূলীয়াকৈ কল কৰিব পাৰিব।

অৱশ্যে বিনামূলীয়া অফ নেট কলিঙৰ বাবে জিঅ’ৰ কোনো প্লেনৰ অংশীদাৰ নহ’লে নহ’ব। পূৰ্বৰ জিঅ’ৰ প্লেন অনুযায়ীয়েই অফ নেট কলিঙৰ সুবিধা লাভ কৰিব।

You might also like