নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত বিপিএফে নাপায় এখনো আসন

ভোটদানৰ পাছতে পুৰণিগুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত পূর্জা–অর্চনা ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰী নৰসিংহ ক্ষেত্রত থকা বিশ্বৰ সর্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰত পূজা আগবঢ়াবৰ বাবে মন্দিৰ চৌহদত আজি দুপৰীয়া উপস্থিত হয় বিজেপি মিত্রজোঁটৰ ষ্টাৰ কেম্পেইনাৰ তথা ৰাজ্য চৰকাৰৰ প্রভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বিজেপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগত হেলিকপ্ঢাৰেৰে আহি মন্দিৰ চৌহদত উপস্থিত হৈ মন্দিৰত প্রার্থনা জনোৱাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা–বতৰাত তেওঁ কয় যে এইবাৰ বিজেপি মিত্রজোঁটে পূর্বৰ তুলনাত বেছি আসন লাভ কৰিব৷ প্রথম পর্যায়ৰ নির্বাচনত ৩৫ৰ পৰা ৪০খনৰ ভিতৰত পাব বুলি কৈ ড০ শর্মাই দ্বিতীয় পর্যায়ত ২৩ৰ পৰা ২৬খন আৰু তৃতীয় পর্যায়ত পাব লগা আসনৰ সংখ্যা নিশাৰ ভোট শেষ হোৱাৰ পিছত ক’ব পৰা যাব বুলি উল্লেখ কৰে৷ এইবাৰ বিপিএফে এখনো আসন লাভ নকৰে বুলি উল্লেখ কৰি ড০ শর্মাই কয়– বিপিএফৰ লগত মাত্র এখন আসনতহে আমাৰ মিত্রজোঁটৰ প্রতিদ্বন্দ্বিতা হ’ব৷

ইফালে বঢ়মপুৰ সমষ্টিত বিজেপিৰ প্রার্থী জিতু গোস্বামীৰ জয় নিশ্চিত বুলি কৈ এই সমষ্টিৰ ৰাইজৰ লগতে মহিলাসকলে জিতু গোস্বামীক হিয়া উজাৰি আশীর্বাদ দিছে বুলি মন্তব্য কৰে৷ নিজৰ পুত্র ৰাজনীতিলৈ আহিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে ল’ৰাটোৱে এইবাৰ ১৮ বছৰত ভৰি দিছে৷ প্রথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিছে৷ল’ৰাটো যিমান পাৰি ৰাজনীতিত নথকাকৈ থাকিলে ভাল হয়৷ৰাজনীতিত আহিলে বহু প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়৷ এই প্রত্যাহ্বানৰ সন্মুখীন মোৰ ল’ৰাটো হোৱাটো মই নিবিচাৰোঁ৷

পশ্চিমবংগৰ নির্বাচনৰ প্রচাৰৰ বাবে যোৱাৰ কথা উল্লেখ কৰি কয় যে ক’ভিডৰ বাবে বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনত পৰীক্ষা কৰাটো কঠোৰ কৰা হৈছে৷ অসমৰ ভিতৰত ক’ভিড নহয় বুলি আশা প্রকাশ কৰি মন্ত্রীগৰাকীয়ে কয়– এইবাৰ অসমৰ ৰাইজে ভালকৈ বিহু পালন কৰিব পাৰিব৷ যোৱা বর্ষত ক’ভিডৰ কাৰণে শিল্পীসকলৰ বহুত ক্ষতি হ’ল৷ এনেক্ষেত্রত নির্বাচনৰ দৰে আমি বিহু পাৰ কৰিম বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ লকডাউনৰ ক্ষেত্রত দৈনিক ৩,৫০০গৰাকী লোকৰ ক’ভিড হওঁতেও আমি লকডাউন দিয়া নাছিলোঁ এতিয়া দৈনিক ৬০গৰাকী কভিড পজিটিভ হওঁতে লকডাউন হ’ব নোৱাৰে৷

ইফালে সাংসদ গৌৰৱ গগৈয়ে মন্ত্রীগৰাকীৰ সম্পর্কে কৰা মন্তব্য সন্দর্ভত কয়– উচ্চ শিক্ষিত হিচাপে গৌৰৱ গগৈৰ কথা–বতৰা ঠিক হোৱা নাই৷ মোৰ বিষয়ে গৌৰৱ গগৈয়ে বেয়াকৈ কৈ থাকিলে মই মুখ খুলিম৷ মই মুখ খুলিলে গৌৰৱ গগৈয়ে মনত বহুত কষ্ট পাব বুলি মন্তব্য কৰে৷ এইক্ষেত্রত গৌৰৱ গগৈয়ে সীমা চেৰাই নগৈ সীমাতে থকা ভাল বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ আজি মন্ত্রীগৰাকীয়ে নিজৰ সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে মন্দিৰলৈ আহি পূজা দিয়াৰ পিছতে মন্দিৰ পৰিচালনা সমিতিৰ লগত দীর্ঘ সময় আলোচনাত মিলিত হয়৷ আজিৰ এই সময়ছোৱাত মন্ত্রীগৰাকীক সংগ দিয়ে বঢ়মপুৰ সমষ্টিৰ এইবাৰৰ বিজেপি প্রার্থী জিতু গোস্বামীয়ে৷

উল্লেখ্য যে আচার্য বাবা ভৃগুগিৰি মহাৰাজৰ প্রচেষ্টাত নির্মাণ কার্য আৰম্ভ হোৱা বিশ্বৰ সর্ববৃহৎ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ২০১৯ চনত অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিছিল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দায়িত্ব গ্রহণ কৰাৰ পিছতে মন্দিৰৰ কাম দ্রুতগতিত হৈ উঠাৰ লগতে যোৱা ২৭ ফেব্রুৱাৰীত মন্দিৰৰ প্রাণ প্রতিষ্ঠা সমাৰোহ সম্পন্ন হয়৷ ইয়াৰ পিছতে ভেৰভেৰী নৰসিংহ ক্ষেত্রই বিশ্বৰ পর্যটন ক্ষেত্রত স্থান লাভ কৰে৷ বর্তমান সময়ত মন্দিৰ দর্শন কৰিবলৈ অসমৰ লগতে ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰ পৰা দৈনিক হাজাৰ হাজাৰ ভক্তপ্রাণ লোকৰ সমাগম হয়৷ এই সমাগমে নৰসিংহ ক্ষেত্র এক পুণ্যভূমিলৈ ৰূপান্তৰ কৰিছে যদিও মন্দিৰৰ নির্মাণৰ কিছু বাহিৰৰ কাম থাকি যোৱাত ৭ এপ্রিলৰ পৰা পুনৰ এই কাম আৰম্ভ হ’ব বাবে কিছুদিন মন্দিৰ দর্শন বন্ধ থাকিব বুলি মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া প্রবীণ গোস্বামীয়ে সাংবাদিকক জানিবলৈ দিছে৷

You might also like