নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপ্রতিৰোধ্য–অপৰাজেয় ড০ হিমন্ত বিশ্ব শর্মা

- নিয়ৰ ডেকা

ড০ হিমন্ত বিশ্ব শর্মা৷ কেৱল এটা নাম নহয়, এটা সত্তা৷ বর্তমান সময়ত উত্তৰ–পূবৰ ৰাজনীতিৰ সর্বাধিক চর্চিত নামটোৱেই হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ অসমৰ ৰাজনীতিৰ একক, অনন্য আৰু অদ্বিতীয় চৰিত্র হৈছে ড০ শর্মা৷ অসমৰ এটা অন্যতম বিধানসভা সমষ্টি জালুকবাৰীৰ পৰা ধাৰাবাহিকভাৱে চাৰিবাৰকৈ অসম বিধানসভালৈ নির্বাচিত হৈছে তেওঁ৷ শিক্ষা, স্বাস্থ্য, বিত্ত, অসম চুক্তি ৰূপায়ণ আদিৰ দৰে গুৰুত্বপূর্ণ বিভাগৰ মন্ত্রী হিচাপে যোৱা প্রায় ২০ বছৰ ধৰি অসমবাসী ৰাইজৰ বাবে সেৱা আগবঢ়াই ইতিমধ্যে ৰাজনৈতিক জ্ঞান আৰু অভিজ্ঞতাৰে পৰিপুষ্ট হৈ উঠিছে শর্মা৷ জনপ্রতিনিধি হিচাপে শর্মাৰ ক্ষমতা আৰু দূৰদর্শিতা সর্বজনবিদিত, হয়তো সেইবাবেই দিল্লী–নাগপুৰে আজিও সমীহ কৰি চলে এইগৰাকী ৰাজনীতিবিদক৷ নিজৰ এটা মাত্র পদক্ষেপেৰে উত্তৰ–পূর্বাঞ্চলৰ ৰাজনৈতিক পট পৰিৱর্তন কৰি দিব পৰা এইগৰাকী সুদক্ষ নেতাৰ হাততেই আছে উত্তৰ–পূবৰ বিজেপিৰ মূল চাবিকাঠী৷ আনকি একালত কংগ্রেছেও শর্মাৰ কান্ধত উঠিয়েই কৰিছিল নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ প্রয়াস কিন্তু একমাত্র শর্মাৰ যোগ্যতাক বঞ্চিত কৰাৰ অভিযোগ আৰু তেওঁ অন্য এটা শিবিৰত অৱস্থান কৰিবলগীয়া হোৱাৰ বাবেই অসমৰ জনসাধাৰণে ২০১৬ চনৰ নির্বাচনত কংগ্রেছৰ শিপা কেনেকৈ পুলিয়ে–পোখাই উভালি পেলালে, সেয়া সমগ্র ভাৰতবাসীয়ে দেখিলে৷ ‘নর্থ ইষ্ট ডেম’ক্রেটিক এলায়েঞ্চ’ৰ আহ্বায়ক ড০ শর্মা হৈছে উত্তৰ–পূব বিজেপিৰ পিতামহস্বৰূপ৷ ড০ শর্মাই কেবিনেট মন্ত্রী, ষ্টাৰ কেম্পেইনাৰ কিম্বা অন্তর্দ্বন্দ্বৰ সময়ত মধ্যস্থতাকাৰী হিচাপে নিজৰ বিচক্ষণতা ইতিমধ্যে জনসাধাৰণৰ আগত প্রমাণ কৰি থৈছে৷ এইমছ, মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, বিশ্ববিদ্যালয়ৰে অসমৰ মানচিত্র সলনি কৰি দিয়া এইগৰাকী অভিজ্ঞ নেতাৰ নেতৃত্বত অসমে এতিয়া দেখিছে প্রগতিৰ সপোন৷ মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা শেষ কৰাৰ ক্ষেত্রত মধ্যস্থতাকাৰী হিচাপে ড০ শর্মাৰ ভূমিকা আছিল চমকপ্রদ৷ তদুপৰি এইবাৰ অসমৰ বহু টিকটবঞ্চিত প্রার্থীয়ে সৃষ্টি কৰা আভ্যন্তৰীণ বিদ্রোহো অতি কৌশলেৰে দমন কৰিলে শর্মাই৷ ড০ শর্মাৰ মাত্র এটা বুজনিৰ বাবেই যে শিলাদিত্য দেৱৰ দৰে অসন্তুষ্ট নেতাই দলৰ হকে যুঁজাৰ বাবে সাজু হৈছিল, সেয়া সর্বজনজ্ঞাত৷ নির্বাচনী প্রচাৰৰ সময়তো ড০ শর্মাৰ প্রতি ৰাইজৰ মৰম আৰু আকর্ষণ আশ্চর্যজনক৷ নিজৰ নেতাজনক এবাৰ নিজ চকুৰে প্রত্যক্ষ কৰা বা নিজ হাতে চুই চোৱাৰ হেঁপাহেৰে লক্ষাধিক লোকৰ সমাগম হয় ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতিখন সভা–সমিতি, প্রতিটো ৰেলী কিম্বা ৰোড শ্ব’ত৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে বাবে আকর্ষণৰ কেন্দ্রবিন্দু ড০ শর্মা৷ আনকি দৃষ্টিকটুভাৱে আজিৰ দিনটোত মুখ্যমন্ত্রীগৰাকীতক্ জনপ্রিয় নেতা হিচাপে পৰিগণিত হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ ক’ভিড–১৯ৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখনত ড০ শর্মাই একক, বলিষ্ঠ–দূৰদর্শী নেতৃত্বৰে যিদৰে অসমক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিলে, সেয়াই প্রমাণ কৰে তেওঁৰ দক্ষতা৷ ইমান বিপদসংকুল সময়ত চীনৰ পৰা পি পি ই কীট ক্রয় কৰাৰে পৰা আৰম্ভ কৰি শিশুৰ বাবে পৃথক ক’ভিড হাস্পতাল নির্মাণকে আদি কৰি অভিলেখসংখ্যক কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰি ড০ শর্মাই দেখুৱাই থৈ গ’ল প্রকৃত মানৱ সেৱা কি৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে–নিশাই শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি ক’ভিডৰ বিৰুদ্ধে যুঁজি তেওঁ হৈ পৰিছিল বিশ্বৰ বাবে আদর্শ৷ ভাৰতৰ ক’ভিডবিৰোধী যুঁজখনে ৱর্ল্ড হেল্থ অর্গেনাইজেচন(WHO)ৰ প্রশংসা লাভ কৰাটোতো কিছু পৰিমাণে হ’লেও যে ড০ হিমন্ত বিশ্ব শর্মাৰ অৱদান আছে, সেয়া সহজেই অনুমেয়৷

কর্মদক্ষ, বাক্পটু, বিচক্ষণ আৰু দূৰদর্শী নেতা ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে বিচাৰি ইতিমধ্যে অসমৰ জনসাধাৰণে গঠন কৰিছে বহু জনমত৷ দিল্লীৰ টেবুলৰ পৰা অসমৰ অধিকাৰ কাঢ়ি আনিব পৰাকৈ সক্ষম অসমী আইৰ সুযোগ্য সন্তান ড০ হিমন্ত বিশ্ব শর্মাক আপুনি বেয়া পাব পাৰে, শর্মাৰ সকলো কাম আৰু কথা আপুনি পছন্দ নকৰিব পাৰে, কিন্তু শর্মাৰ ৰাজনৈতিক বিচক্ষণতা আৰু কর্মদক্ষতাক আপুনি অস্বীকাৰ কৰিব নোৱাৰে৷

অসমৰ সর্বাধিক জনপ্রিয় নেতা হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই অসমীয়া ৰাইজৰ হূদয়ত স্থান অধিগ্রহণ কৰিবলৈ সক্ষম হৈছে৷ বি টি আৰৰ পৰা ৰাভা হাছঙলৈ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা চাহ জনগোষ্ঠীয় এলেকালৈ– সকলোতে এতিয়া মাথোঁ হিমন্ত ঢ়ৌ৷ হিমন্ত অবিহনে বিজেপিৰ নির্বাচনী প্রচাৰ উৰুঙা, সেয়েহে মাত্র এদিনৰ নির্বাচনী প্রচাৰৰ পৰা বিৰত থাকোঁতেই মানসিকভাৱে ভাগি পৰিছিল ড০ শর্মাৰ অনুৰাগীসকল৷ নির্বাচন আয়োগে ড০ শর্মালৈ প্রেৰণ কৰা পত্রখন ৰাজহুৱাকৈ প্রকাশ কৰি তেওঁ প্রমাণ কৰি দিলে– তেওঁৰ সাহস, জনপ্রিয়তা আৰু স্পষ্টবাদিতা (ইয়াৰ লগতে যদি কোনোবাই একমাত্র ক্ষমতাৰ লোভত বডোভূমি পুনৰ এবাৰ অশান্ত কৰাৰ চেষ্টা কৰিছে, তেন্তে তেনে লোকে দৃষ্টান্তমূলক শাস্তি পোৱাটো আমাৰো কাম্য)৷ এদিনৰ নিষেধাজ্ঞাৰ অন্ত পৰাৰ পিছতে ড০ শর্মাই অংশ ল’লে ৰোড শ্ব’ আৰু বহুকেইখন প্রচাৰ সভাত, ৰাইজৰ মাজত দুগুণ বেছি উৎসাহ– হিমন্ত হেনো অসমীয়াৰ নতুন সাহ৷

বিশাল সভা–সমিতি, পদযাত্রা, চাইকেল ৰেলী কিম্বা বাইক ৰেলীৰে ড০ শর্মাৰ নেতৃত্বত বিজেপিয়ে চলালে নির্বাচনৰ জোৰদাৰ প্রচাৰ অভিযান৷ দিনটো খোজকাঢ়ি বা ৩৫–৪০ কিলোমিটাৰ চাইকেল চলায়ো ভাগৰি নপৰে হিমন্ত, অদম্য শক্তিৰে–ফুৰন্ত সাহসেৰে অসমৰ ৰাজনৈতিক জখলাৰ শীর্ষত আছে হিমন্ত৷ ড০ শর্মাৰ মেল–মিটিঙত অভিলেখসংখ্যক জনতাৰ উপস্থিতিয়ে প্রমাণ কৰে যে ফেচবুকত ‘কা’ৰ বিৰোধিতা কৰি কৰা জাতীয়তাবাদ আৰু বেলট বা ইভিএমত ৰাইজে দিয়া মৰমৰ মাজত পার্থক্য আছে৷ ষুটডি’ৰ ভিতৰত বহি ডিঙিৰ সিৰ ফুলাই উদাত্ত কণ্ঠে ভাষণ দি আমাৰ পাঁচজনকৈ সহোদৰক ৰাজপথলৈ উলিয়াই আনি গুলী খুৱাই নিজে বিধায়ক হোৱাৰ পথ প্রশস্ত কৰা আৰু ‘কা’ক সমর্থন কৰিও অসমৰ ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি ক’ভিডৰ বিৰুদ্ধে আগশাৰীৰ যোদ্ধা হিচাপে থিয় হৈ কৰা জাতীয়তাবাদৰ মাজত পার্থক্য আছে৷ ৰাষ্ট্রীয়তাবাদী শিবিৰক সমর্থন নকৰোঁ বুলিয়েই অসমীয়াই যে এইবাৰ ৮৫ৰ কুঠাৰ আকৌ এবাৰ নিজৰ ভৰিত মাৰি কোনো ভণ্ড জাতীয়তাবাদী নেতাক সমর্থন জনাব, সেয়া প্রায় অসম্ভৱসম৷

নিজৰ জনপ্রতিনিধিক লৈ সম্পূর্ণৰূপে সুখী জনসাধাৰণ খুব কমেই থাকে, কিন্তু জালুকবাৰী সমষ্টিৰ জনসাধাৰণে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্রকাশ কৰে যে ‘হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই প্রচাৰ চলোৱাৰ বাবে জালুকবাৰীলৈ আহিব নালাগে, তেখেতে অসমৰ বাকী ১২৫টা সমষ্টি চাওক, জালুকবাৰীত হিমন্ত বিশ্ব শর্মাক আচলতে জয়ী কৰোৱাৰ বাবে নহয়, জয়ী হোৱা ভোটৰ ব্যৱধান ১ লাখ কৰাৰ দায়িত্ব আমাৰ’৷ গতিকে জনতাৰ মনত কিমান গভীৰ সাঁচ বহুৱালে এজন জনপ্রতিনিধিক ৰাইজে ইমান মৰম দিব পাৰে, সেয়া সহজে অনুমান কৰাটো টান৷ সেয়েহে কোনো খুহুতীয়া ৰসিকে কেতিয়াবা কৈছিল– হিমন্তৰ সমষ্টিত গৰুৱেও কেঁচা ৰাস্তাৰে পথাৰলৈ নাযায়৷ বর্তমান অসমৰ সর্বাধিক জনপ্রিয় নেতা ড০ হিমন্ত বিশ্ব শর্মা এতিয়া বহুতৰ বাবে ঈর্ষাৰ কাৰণ৷ জনতাৰ অভূতপূর্ব মৰম, আশীর্বাদ আৰু সমর্থনে তেওঁক গঢ় দিছে এগৰাকী সুদক্ষ, দায়িত্বশীল জনপ্রতিনিধি হিচাপে৷ ড০ শর্মাৰ প্রতি অসমৰ জনসাধাৰণৰ যেনেকৈ অগাধ মৰম আছে, ঠিক একেদৰে আছে অসংখ্য অভিযোগ, কাৰণ অসমৰ ৰাইজে ড০ হিমন্ত বিশ্ব শর্মাক বিচাৰে– সেইবাবেই তেওঁক লৈ ইমান চর্চা, ইমান আলোচনা৷ যিয়ে যিমানেই সমালোচনা নকৰক কিয়, নিজৰ সমষ্টিত সকলোৱে ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে এজন প্রতিনিধি বিচাৰে, অসমৰ বাকী ১২৫টা সমষ্টিৰ বিধায়কৰ বাবে উদাহৰণস্বৰূপ ড০ শর্মা৷ অসমৰ ৰাজনীতিৰ মহানায়ক হিমন্ত, জালুকবাৰী সমষ্টিবাসীৰ ত্রাণকর্তা হিমন্ত৷ বাৰে বাৰে কৈছেছা– ড০ হিমন্ত বিশ্ব শর্মাৰ লগত আপোনাৰ আদর্শগত পার্থক্য থাকিব পাৰে, কিন্তু অসমৰ সর্বাধিক জনপ্রিয়, কর্মদক্ষ, বিচক্ষণ, বাক্পটু আৰু দূৰদর্শী বলিষ্ঠ নেতা বা অসমৰ শ্রেষ্ঠ জীৱিত জনপ্রতিনিধি হিচাপে আপুনি ড০ হিমন্ত বিশ্ব শর্মাক স্বীকৃতি নিদিয়াকৈ থাকিব নোৱাৰে৷

ড০ শর্মাই এজন বিশেষ সম্প্রদায়ৰ নেতাক মুকলি আক্রমণ কৰাক লৈ আপুনি আপত্তি কৰিব পাৰে৷ কিন্তু ড০ শর্মাই অসমীয়া সংস্কৃতি সংৰক্ষণৰ বাবে গ্রহণ কৰা পদক্ষেপবোৰক আপুনি নস্যাৎ কৰিব নোৱাৰে বা সেই একেজন সাম্প্রদায়িক নেতাই অসমীয়াৰ স্বাভিমানৰ প্রতীক গামোচা দলিয়াই দি অপমান কৰিলে আপুনিও নিশ্চয় মনে মনে থাকিব নোৱাৰে৷ সকলো মানুহৰে ইতিবাচক আৰু নেতিবাচক দুটা দিশ থাকে, হয়তো ড০ শর্মাৰো আছে৷ কিন্তু বর্তমান সময়ত ড০ হিমন্ত বিশ্ব শর্মাৰ ইতিবাচক ৰাজনৈতিক দক্ষতাখিনি অসমবাসীৰ বাবে প্রয়োজনীয়৷ অন্ততঃ আগন্তুক ১০ বছৰত ড০ হিমন্ত বিশ্ব শর্মাৰ বিকল্প অসমীয়া ৰাইজে নাপায়, এতিয়াৰ পৰিস্থিতিত অসমৰ ৰাজনীতিৰ আটাইতকৈ অভিজ্ঞ আৰু সুনিপুণ সৈনিকজনেই হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ তেওঁৰ নেতৃত্বতে বিজেপিয়ে সগৌৰৱে প্রায় নিশ্চিত কৰিলে আগন্তুক পাঁচ বছৰৰ কার্যকাল৷ ২০১৬ত অসমত কংগ্রেছৰ পতন আৰু বিজেপিৰ বিজয়ধ্বজা উৰাৰ মূলতে আছিল ড০ শর্মা৷

আনকি এইবাৰ ২০২১তো বিজেপিৰ প্রায় আটাইবোৰ প্রার্থীৰ হৈ প্রচাৰ চলাইছে ড০ শর্মাই, যেন তেওঁৰ আশিসধন্য হ’লে প্রার্থীসকলৰ বাবে কণ্টকময় পথো হৈ পৰে মসৃণ৷ মুঠতে ড০ হিমন্ত বিশ্ব শর্মাৰ ভাষাৰে ক’বলৈ গ’লে– তেওঁৰ নেতৃত্বতে অসমত এইবাৰ চলিছে সভ্যতাৰ যুঁজ৷ জালুকবাৰী সমষ্টিতো এইবাৰ মাত্র এদিনৰ প্রচাৰৰ পিছতেই লক্ষাধিক ভোটৰ ব্যৱধানত ড০ শর্মা জয়ী হৈ জালুকবাৰীৰ পৰা পঞ্চমবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হোৱাটো সম্পূর্ণৰূপে নিশ্চিত হৈ পৰিছে৷ অসমৰ ৰাজনীতিৰ বিশ্বাসভাজন পর্যবেক্ষকো হৈছে ড০ শর্মা৷ ফলাফলৰ আগতেই একমাত্র পর্যবেক্ষণৰ ওপৰত ভিত্তি কৰিয়েই তেওঁ বহুবাৰ কৰি থৈছে ১০০ শতাংশই শুদ্ধ নির্বাচনী ভৱিষ্যদ্বাণী৷ মুঠতে অসমৰ ৰাজনীতিৰ শ্রেষ্ঠতম অলৰাউণ্ডাৰ হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ শেষত আকৌ এবাৰ কওঁ– আপুনি ড০ হিমন্ত বিশ্ব শর্মাৰ সকলো কথা আৰু কামক সমর্থন নকৰিব পাৰে, তেওঁৰ লগত আপোনাৰ মতাদর্শগত পার্থক্য থাকিব পাৰে, কিন্তু ড০ হিমন্ত বিশ্ব শর্মাক আপুনি অসমৰ সর্বকালৰ সর্বশ্রেষ্ঠ ৰাজনীতিবিদ বুলি স্বীকাৰ নকৰাকৈ থাকিব নোৱাৰে৷

You might also like