নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ দেশত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক’ৰোনাৰ সংক্রমণ৷ দেশত নিতৌ নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ভিন্ন প্রান্তৰ লোক৷

ইয়াৰ মাজতে আজি ক’ৰোনাত আক্ৰান্ত হ’ল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ।

আজি নিজৰ টুইটাৰ একাউণ্টযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। তেওঁ লিখিছে, “মোৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে। বৰ্তমান চিকিৎসকৰ পৰামৰ্শমতে মই হোম আছ’লেচনত আছোঁ। 

মই সকলোকে ক’ভিড গাইডলাইন মানিবলৈ অনুৰোধ কৰিছোঁ।”

You might also like