নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীভূমিত বিএছএফলৈ চোঁচা বাংলাদেশীৰ, ভাৰতৰ ভূমিত খেতি কৰাত বাধা দিয়াত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বার্তা, শ্রীভূমি, ৩ নৱেম্বৰ : শ্রীভূমি জিলাৰ ভাৰত–বাংলাদেশ সীমান্তত তীব্র উত্তেজনা৷ বি এছ এফলৈ চোঁচা বাংলাদেশীৰ৷ অকথ্য গালি–গালাজ পাৰি বি এছ এফক খেদি পঠিয়ায় এদল বাংলাদেশীয়ে৷

উল্লেখ্য যে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ মধ্যৱর্তী ভাংগা-হৰিনগৰ সীমান্তৰ ভাৰতৰ ভূমিত বাংলাদেশৰ লোকে শাক–পাচলি খেতিৰ বাবে মাটি চহাই আছিল৷ বি এছ এফৰ ১৭০নং বেটেলিয়নৰ অধীনত থকা এলেকাত কৃষিকার্য কৰা দেখা পাই বি এছ এফৰ এটা দলে সুৰমা নৈৰ পাৰত উপস্থিত হৈ বাংলাদেশীক কৃষিকার্যত বাধা দিয়ে৷ তেওঁলোকে গঢ়া বাঁহৰ বেৰা, অস্থায়ী জিৰণি ঘৰ আদি ভাঙি পেলোৱাত ক্ষুব্ধ হৈ বাংলাদেশী লোকে একত্রিত হৈ বি এছ এফলৈ চোঁচা লৈ অকথ্য গালি–গালাজ পাৰি খেদি পঠিয়ায়৷ বাংলাদেশীৰ দাবী– ‘এই মাটি আমাৰ৷ আমাৰ দেশৰ মাটি, আমাৰ সীমা নির্ধাৰণ কৰা আছে৷ কোনোৱে আমাৰ ভূমি দাবী কৰিব নোৱাৰে৷’

ইপিনে, মুহূর্তৰ ভিতৰত বাংলাদেশৰ সীমান্তত বাংলাদেশী লোক একত্রিত হৈ ভাৰতবিৰোধী অভিযান আৰম্ভ কৰে৷ সীমান্তৰ সিপাৰে বি এছ এফৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়ে৷ বি এছ এফে সীমান্ত উলংঘন কৰিলে বা পুনৰ বাধা দিবলৈ গ’লে বাংলাদেশীয়ে প্রত্যুত্তৰ দিবলৈ সাজু আছে বুলি সামাজিক মাধ্যমত ব্যাপক প্রচাৰ চলাইছে৷ বাংলাদেশীসকলে বি এছ এফক বাধা দিয়াৰ সময়ত অকথ্য গালি–গালাজ পৰাৰ লগতে বান্ধি ৰখাৰ বাবে চিঞৰি চিঞৰি খেদি আহে যদিও ভাৰতীয় বি এছ এফে পিছ হোঁহকা নাছিল ৷ এই লৈ সীমান্তত তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ শেষত বি এছ এফ আৰু বি জি বিৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ ইপিনে, জকিগঞ্জ উপ–জিলাৰ মাণিকপুৰ সীমান্তত বাংলাদেশী লোকসকলে উত্তেজনাৰ সৃষ্টি কৰি আহিছে৷

You might also like