বিশ্বকাপ জয়ী ভাৰতীয় দলত প্ৰথম অসমীয়া জীয়ৰী উমা ছেত্ৰী
উমা চেত্ৰীৰ জন্ম হৈছিল গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্তৰ্গত কান্দুলিমাৰী গাঁৱত। তেওঁৰ মাতৃয়ে তেওঁৰ ক্ৰিকেট খেলৰ উৎসাহিত কৰিছিল, যেতিয়া তেওঁ ভাতৃ বিজয় চেত্ৰী আৰু আন ল'ৰাৰ সৈতে ৰাস্তাত ক্ৰিকেট খেলি আছিল
দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ভাৰতীয় মহিলা দলে কালি অনুষ্ঠিত ২০২৫ এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি চেম্পিয়নৰ সন্মান আঁজুৰি আনে। সেই সফলতাই বৰ্তমান ভাৰতজুৰি চলি আছে অভিনন্দনৰ জোৱাৰ।
এই আনন্দৰ মাজতেই আছে আৰু ভাল খবৰ। কিয়নো বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোত সদস্য হিচাপে আছে অসম তনয়া উমা ছেত্ৰী। যদিও কালি ফাইনেলত খেলাৰ বাবে উমাৰ সৌভাগ্য নহল, তথাপি বিশ্বজয়ী দলটোত আছিল উমা। উল্লেখ্য যে উমাই বাংলাদেশৰ বিৰুদ্ধে লীগৰ মেচ এখনত প্লেয়িং-১১ত অন্তৰ্ভুক্ত আছিল।
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্য আছিল বোকাখাতৰ জীয়ৰী অসম কন্যা উমা ছেত্ৰী৷ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰাৰ পিছত উমা ছেত্ৰীৰ বোকাখাতৰ কান্ধুলিমাৰীৰ বাসগৃহত উখল মাখল পৰিৱেশ নাই যদিও পিতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে উমাৰ এদিনীয়াত অভিষেক আৰু ফাইনেলত ভাৰতীয় দল বিজয়ী হোৱাত আনন্দ প্ৰকাশ কৰে ৷ অসুস্থ পিতৃয়ে ভাৰতীয় দল বিজয়ী আৰু কন্যাৰ সাফল্যত আনন্দিত হৈ পৰে ৷
উমা চেত্ৰী এগৰাকী উইকেটকীপাৰ বেটছমেন। চীনৰ হাংজাউত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় মহিলা দলৰ অংশ আছিল উমা। তেওঁ অসমৰ পৰা প্ৰথম মহিলা ক্ৰিকেটাৰ আৰু পূবোত্তৰ ভাৰতৰ পৰা প্ৰথম মহিলা ক্ৰিকেটাৰ যাক ভাৰতীয় ৰাষ্ট্ৰীয় দলে স্থান প্ৰদান কৰিছিল। ২০২৪ চনৰ ৭ জুলাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁৰ অভিষেক হয়। আৰু কালি ফাইনেলত ভাৰতীয় দল জয়ী হোৱাৰ লগে লগে চেম্পিয়নৰ সন্মান লাভ কৰে।
উমা চেত্ৰীৰ জন্ম হৈছিল গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্তৰ্গত কান্দুলিমাৰী গাঁৱত। তেওঁৰ মাতৃয়ে তেওঁৰ ক্ৰিকেট খেলৰ উৎসাহিত কৰিছিল, যেতিয়া তেওঁ ভাতৃ বিজয় চেত্ৰী আৰু আন ল’ৰাৰ সৈতে ৰাস্তাত ক্ৰিকেট খেলি আছিল।
২০২৩ চনৰ জুন মাহত চেত্ৰীয়ে ভাৰত এ দলৰ হৈ এচি চি মহিলা টি–২০ ইমাৰ্জিং টীমছ এছিয়া কাপত অংশগ্ৰহণ কৰিছিল।
২০২৩ চনৰ জুলাই মাহত তেওঁ প্ৰথমবাৰ ভাৰতীয় দলত স্থান লাভ কৰে— বাংলাদেশৰ বিৰুদ্ধে হোৱা টি–২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে। তাৰ পাছত ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত, তেওঁ এছিয়ান গেমছৰ বাবে ভাৰতীয় দলত আছিল।
২০২৪ চনৰ মে’ মাহত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা এদিনীয়া, টি–২০ আৰু টেষ্ট শৃংখলাৰ বাবে দলত স্থান পায়। ২০২৪ চনৰ ৭ জুলাইত তেওঁ নিজৰ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটায়।
২০২৪ চনৰ অক্টোবৰত তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতত অনুষ্ঠিত এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান পায়।
উল্লেখ্য যে উমাৰ এই সফলতাই নিশ্চিতভাৱে অসমৰ মহিলা ক্ৰীড়া জগতলৈ এক নতুন জাগৰণ আনিব আৰু অসমৰ ক্ৰিকেটৰ পথাৰখনত আৰু বহু প্ৰতিভাৰ জন্ম দিব। আগ্ৰহী হব ক্ৰিকেট খেলৰ প্ৰতি।
ডিজিটেল ডেস্ক, ৩ নৱেম্বৰ