নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহন্তই যুৱতীলৈ অশ্লীল ফটো-ভিডিঅ’ প্রেৰণৰ স্ক্রীনশ্বট ভাইৰেল

🔹 সংস্কৃতিৰ দালালৰ অকথিত কু–কর্ম পোহৰলৈ

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বৈচিত্র্যপূর্ণ সংস্কৃতিক জগত সভালৈ নিয়াৰ আভুৱা–ভাঁৰি চৰকাৰ তথা বিভিন্ন প্রতিষ্ঠানৰ পৰা ব্যাপক হাৰত ধন সংগ্রহেৰে নিজৰ জেপ গধুৰ কৰা মহন্ত উপাধিৰ বহু বিতর্কিত সংস্কৃতিৰ দালালজনৰ আন এক অকথিত কু–কর্ম পোহৰলৈ আহিছে৷ যি কথা জানিলে প্রতিজন সংস্কৃতিৱান অসমীয়াই ঘৃণাত নাক কোঁচাব৷ মহন্তই অকল সংস্কৃতিৰ নামত দালালি কৰাই নহয়, যৌনতাৰ খেল খেলাতো পাকৈত৷ শেহতীয়াকৈ ৰাজ্যবাসীৰ তীব্র নিন্দা–ঘৃণাৰ সন্মুখীন হোৱা মহন্তই একাংশ যুৱতী–মহিলালৈ নিজৰ গুপ্তাংগ দেখুৱাই প্রেৰণ কৰা অশ্লীল ফটো-ভিডিঅ’ৰ স্ক্রীনশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ নিশা শয্যাসংগিনী হ’লেহে মহন্তৰ অনুষ্ঠানত যুৱতী–মহিলা শিল্পীয়ে শ্ব’ কৰাৰ সুযোগ লাভ কৰে৷ যি কথা অতি স্পষ্ট হৈ আছে ভাইৰেল হোৱা অশ্লীল স্ক্রীনশ্বটত৷

মহন্তলৈ হোৱাটছএপযোগে প্রেৰণ কৰা এক ভাইৰেল বার্তা এনেধৰণৰ– ‘অলপো লাজ নাই নেকি… দাদাক লৈ বিজনেছ কৰিলি, তোৰ কাৰণে এইবোৰ হ’ল… কিমান পাপ কৰিবি… তই কিমান দিন সাৰিবি ক’… মোক লৈ কি কৰিছিলি মনত আছে, নাই যদি মনত পেলাম ৰ’হ… এতিয়া আৰু নহ’ব, তোৰ মুখা খুলিম৷ বহুত হ’ল… তোৰ লগত শুলে শ্ব’ কৰিব পাৰিম বুলি ক ন’৷ এতিয়া গোটেই পাব্লিকৰ আগত তোৰ ভিডিঅ’কল স্ক্রীনশ্বট আৰু মেছেজ স্ক্রীনশ্বট আনিম৷ বহুত কৰিলি, যি কৰিব পাৰ’ মোক কৰি দেখা৷’- এনেধৰণৰ আৰু কেতবোৰ বার্তালাপৰ স্ক্রীনশ্বট সামাজিক মাধ্যমযোগে ভাইৰেল হৈ পৰিছে৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– সংস্কৃতিৰ দালাল মহন্তৰ মুখাৰ আঁৰৰ মুখখন উন্মোচিত কৰি এগৰাকী জনপ্রিয় মহিলা সংগীত শিল্পীয়ে ৰাজহুৱাকৈ সংবাদ মাধ্যমযোগে এক বিস্ফোৰণ ঘটাইছিল৷ তেওঁ অতি স্পষ্টভাৱে কৈছিল যে মহন্তৰ অনুষ্ঠান পাব লাগিলে তেওঁৰ ওচৰলৈ ‘এক্সট্রাকৈ’ যাব লাগে৷ ইফালে, মহন্তৰ গুৱাহাটীস্থিত নিশাৰ ঘৰখন প্রায়েই সুৰা–পার্টীৰে ৰঙীন হৈ পৰে৷ য’ত অংশগ্রহণৰ সুযোগ পায় অসমীয়া ছবি জগতৰ জনপ্রিয় অভিনেত্রীৰ পৰা সমাজৰ বহু হাইপ্রফাইল লোকে৷ এনেধৰণৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে খোদ মহন্তৰ চুবুৰীয়াই৷ আনকি প্রতিৱেশী লোকে মহন্তৰ ঘৰত নিশা হোৱা পার্টীত অসমীয়া ছবিজগতৰ এগৰাকী জনপ্রিয় অভিনেত্রীয়ে কেইবাবাৰো অংশগ্রহণ কৰিবলৈ যোৱাৰ কথা নামসহকাৰে উল্লেখ কৰে৷ এনেবোৰ কথাৰ পৰাই স্পষ্ট হয় যে সংস্কৃতিৰ দালালি কৰাৰ সমান্তৰালভাৱে যৌনতাৰ এক বিকৃত মানসিকতাৰে পৰিপুষ্ট ব্যক্তি হৈছে মহন্ত৷ তদুপৰি নিজে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত মাতাল হৈ পৰা অৱস্থাত অসমবাসী ৰাইজে ইতিমধ্যে মহন্তক দেখা পাইছে৷ সেই বিষয়ে উল্লেখৰ নিষ্প্রয়োজন৷

You might also like