নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হালাকুৰাত যাত্ৰীবাহী বাছ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত ৯

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ধুবুৰীৰ হালাকুৰা আৰক্ষী থানাৰ অন্তৰ্গত গড়েৰহাটত ১৭ নং ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনাত আহত হয় ৯ জনকৈ যাত্ৰী। বুধবাৰে ছাগলীয়াৰ পৰা ধুবুৰী অভিমুখে গৈ থকা AS 17 B 6030 নম্বৰৰ বাছ এখনে বিপৰীত দিশৰ পৰা আহি থকা বাইক আৰহী দুজনক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ দ-খাৱৈত বাগৰি পৰে। উল্লেখ্য বাছখনত অৰ্দ্ধশতাধিক যাত্ৰী আছিল যদিও প্ৰায় ৯ জনকৈ যাত্ৰী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাত হালাকুৰা আৰু আগমণি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ বাছখনক জেচিবিৰে উদ্ধাৰ কৰে।

You might also like