নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত! শুভ উদ্বোধনৰ প্ৰাকক্ষণত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ দীৰ্ঘ প্ৰতিক্ষাৰ অন্ত! ধুবুৰীকে ধৰি পশ্চিম অসম আৰু চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাইজৰ বহু প্ৰতীক্ষিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আনুষ্ঠানিক উদ্বোধন হ’ব কালি। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল মাধ্যেমেৰ শুভ উদ্বোধন কৰিব নৱনিৰ্মিত এই চিকিৎসা মহাবিদ্যালয়খন। ৰাজ্যৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আইআইটি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অহাকালিৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ সেই কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত কাইলৈ অনুষ্ঠিত হ’ব এখন ৰাজহুৱা সভা। আজি ধুবুৰীৰ ঝগৰাৰপাৰস্থিত চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কালিৰ কাৰ্য্যসূচীৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আহে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। পৰিদৰ্শন কালত উপস্থিত সংবাদ মাধ্যমক কালিৰ পৰা দেশ তথা ৰাজ্যৰ চিকিৎসা সেৱাৰ মানচিত্ৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন সংযোজিত হ’বলগীয়া হোৱাৰ এই বিশেষ সুখবৰটো অৱগত কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ ১০০ আসনৰ এই ধুবুৰী চিকিৎসা মহাবিদ্যালয়খনত ১৫ নৱেম্বৰৰ পৰা এমবিবিএছ পাঠ্যক্ৰমৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি আৰু কাইলৈ সভাৰ যাৱতীয় ব্যৱস্থাপনা সৰ্ন্দভত জিলা প্ৰশাসন, জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গ আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশ ল’য়। সেই বৈঠকখনত ধুবুৰীৰ উপায়ুক্ত অন্বামুথান এম পি, আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্য্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অংকুমনি শইকীয়া, ডিএমচিএইচৰ অধীক্ষক ডাঃ গুনজিত দাস, জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক, চিকিৎসক সকল আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰ অভিযন্তাকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষীৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত আছিল। উল্লেখ্য যে ২০১৭ চনৰ  ১৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে তদানীন্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু সেই সময়ৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তদানীন্তন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰিছিল। ১০৮ বিঘা মাটিত ৫০৯ কোটি টকা ব্যায়েৰে নিৰ্মাণ কৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত ছাত্ৰ–ছাত্ৰীৰ হ’ষ্টেল, চিকিৎসা মহাবিদ্যালয়খনত শিক্ষাদান কৰিবল’গীয়া চিকিৎসকসকলৰ আৱাস গৃহ, কাফটেৰিয়া, কেন্টিনকে ধৰি আছে মুঠ ২৪টাকৈ ভৱন। জানিব পৰা মতে, কাইলৈৰ ৰাষ্ট্ৰপতিৰ ভাৰ্চুৱেল শুভ উদ্বোধনৰ সৈতে সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত অনুষ্ঠিত হ’বলগীয়া সভাখনত ৰাজ্য চৰকাৰৰ হৈ ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক আৰু অতিৰিক্ত চিকিৎসা সঞ্চালক উপস্থিত থাকিব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like