নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কহিনুৰ থিয়েটাৰৰ অভিনেত্ৰীৰ পৰা নগদ ধন চুৰি, ছিপাঝাৰত চোৰৰ চাফাই অভিযান

অভিনেত্ৰী সন্ধানী দত্ত তেতিয়া প্ৰণৱ শৰ্মাৰ ঘৰতে তিনি দিনৰ বাবে অতিথি হিচাপে থাকিছিল বুলি জানিব পৰা গৈছে

ছিপাঝাৰৰ বটাবাৰী গাঁৱত নিশা সংঘটিত হ’ল এক চুৰিৰ ঘটনা। চোৰে একে ৰাতিত তিনিটা পৰিয়ালৰ ঘৰত চাফাই অভিযান চলাই লুটপাত সংঘটিত কৰে।

স্থানীয় সূত্ৰে জনা মতে, গগন শৰ্মা, প্ৰণৱ শৰ্মা আৰু হিতেশ শৰ্মাৰ পৰিয়ালৰ ঘৰৰ পৰা চোৰে নগদ ধন, গহনা, ইলেক্ট্ৰনিক সামগ্ৰী আদিৰে সৈতে মূল্যবান বস্তু লুট কৰে।

ইয়াৰ উপৰি চোৰে কহিনুৰ থিয়েটাৰৰ অভিনেত্ৰী সন্ধানী দত্তৰ নগদ ধনো লুটি লৈ যায় বুলি জানিব পৰা গৈছে। অভিনেত্ৰী সন্ধানী দত্ত তেতিয়া প্ৰণৱ শৰ্মাৰ ঘৰতে তিনি দিনৰ বাবে অতিথি হিচাপে থাকিছিল বুলি জানিব পৰা গৈছে।

ঘটনাৰ সন্দৰ্ভত ছিপাঝাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু সন্দেহযুক্ত কিছুমান ব্যক্তিক সোধাপোছাৰ বাবে থানাত লৈ আহিছে। স্থানীয় লোকৰ মাজত এতিয়া আতঙ্কৰ পৰিৱেশ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ

You might also like