নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ হাতত ভাগৱত গীতা

বিশেষ বাৰ্তা, ২ জুনঃ ধোনীৰ হাতত ভাগৱত গীতা ৷ মুহূর্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ছবি ৷ সোমবাৰে পঞ্চমবাৰৰ বাবে আইপিএলৰ খিতাপ জয় কৰাৰ পিছত ১ জুনত  চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে মুম্বাইৰ কোকিলাবেন হাস্পতালৰ পৰা ওলাই অহাৰ সময়ত ক্রিকেটাৰগৰাকীৰ হাতত ভাগৱত গীতা দেখা গৈছিল ৷ মন কৰিবলগীয়া যে উক্ত ছবিখন নিমিষতে ভাইৰেল হৈ পৰে ৷ বহুতে কয়- গীতা পঢ়ি ধোনীয়ে নিজকে শান্ত কৰি ৰাখে ৷ ভাগৱত গীতাই তেওঁক সফলতাৰ পথ দেখুৱাইছে আৰু আত্মবিশ্বাসো দিছে ৷ জীৱনৰ প্রতিটো দিশতে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে ৷ উল্লেখ্য যে সদ্যসমাপ্ত আইপিএলৰ সময়ছোৱাত ধোনীয়ে বাঁও আঁঠুত ষ্ট্রেপ লৈ অংশ লৈছিল ৷ উইকেটৰ মাজৰ পৰা দৌৰাৰ সময়ত ধোনীয়ে যথেষ্ট অসুবিধাও পাইছিল ৷ প্রতিযোগিতাখনৰ ফাইনেলৰ অন্তত আঁঠুৰ আঘাতৰ বিষয়টোৰ ওপৰত আলোচনা আৰম্ভ হয় ৷ চিকিৎসকে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীৰ আঘাতৰ অস্ত্রোপচাৰ কৰাৰ পৰামর্শ দিছিল আৰু ১ জুনত ধোনীয়ে তেওঁৰ আঁঠুৰ আঘাতৰ অস্ত্রোপচাৰ কৰে ৷ প্রসিদ্ধ ক্রীড়া অস্থি শল্য চিকিৎসক ডাঃ ডিনশ্ব পার্ডিৱালাই চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীৰ বাঁও আঁঠুৰ অস্ত্রোপচাৰ কৰে ৷ সফলতাৰে অস্ত্রোপচাৰ সম্পন্ন হোৱাৰ পিছত চিকিৎসকগৰাকীয়ে কয় যে বর্তমান ধোনীৰ অৱস্থা সুস্থিৰ।

You might also like